প্ৰসংগঃবাবৰি মছজিদ ধ্বংসৰ শুনানি:টুইটাৰত ট্ৰেণ্ডিং #No One Demolished

ef3febf2c26d7c86ae7a88e213e874bec602ac264a4afccc8c45810ef566e970

আজি বাবৰি মছজিদ ধ্বংসৰ শুনানিয়ে বিশেষ চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত ।উত্তৰ প্ৰদেশৰ আদালতে দিয়া শুনানিত  বিজেপি জ্যেষ্ঠ নেতা লালকৃষ্ণ আডৱানি,মূৰলী মনোহৰ যোশী আৰু উমা ভাৰতী আদিৰ লগতে সকলো নেতাক নিৰ্দোষী বুলি ৰায় দিয়ে ৷কাৰণ  আদালতৰ মতে বাবৰি মছজিদৰ ঘটনা পূৰ্ব পৰিকল্পিত নাছিল ।

আনহাতে উত্তৰ প্ৰদেশ আদালতৰ এই শুনানিৰ পাছতে টুইটাৰত ১৯৯৯ ত মুক্তি লাভ কৰা মডেল জেছিকা লালৰ হত্যাক লৈ নিৰ্মিত ছবি No one killed Jessica ৰ আলমত #No one demolished Babri”হিছাপে চৰ্চা লাভ কৰিছে ৷

সুদীৰ্ঘ ২৮ বছৰৰ পাছত অহা বাবৰি মছজিদ ধ্বংসৰ শুনানিত অভিনেতা,ৰাজনীতিৰ লগত জড়িত লোকসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷কংগ্ৰেছ নেতা আহমেদ পেটেলে বাবৰি মছজিদৰ শুনানিক “আচৰিত” বুলি অভিহিত কৰিছে৷

বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়”বাবৰি মছজিদ নিজেই খহি পৰিল নেকি?

গুজৰাটৰ বিধায়ক জিগনেশ মেভানীয়ে টুইটাৰত দুখন আলোচনীৰ পৰা এখন ফ’টো কৰে ৷এখন চলিত বৰ্ষৰ আৰু এখন বিগত বৰ্ষৰ ৷লগতে তেওঁ লিখে “বাবৰি মছজিদ আৰু ৰথ যাত্ৰা সকলো ভূৱা বাতৰি ৷২০১৪ ৰ পূৰ্বৰ সকলো বাতৰি ভূৱা ।কেৱল বিজেপিৰ বাতৰিহে শুদ্ধ।

স্বৰা ভাস্কৰৰ উপৰিও অভিনেত্ৰী ৰিচা চদ্ধাই বাবৰি মছজিদ সন্দৰ্ভত টুইট কৰি কয়” ইয়াৰ ওপৰতো এখন আদালত আছে ৷তাত পোহৰ আছে আন্ধাৰ নাই।”

উল্লেখযোগ্য যে ২৮ বছৰৰ পূৰ্বে বাবৰি মছজিদৰ ধ্বংসৰ ঘটনাই বিভিন্ন মোৰ লৈছিল ৷১৯৯২ ত দুটা গোচৰ দাখিল হৈছিল ৷সেই গোচৰৰ ভিত্তিত ইয়াৰ অভিযুক্তৰ সংখ্যা হয়গৈ ৪৯ জন ৷দ্বিতীয় গোচৰটো ১৯৮ নং FIR অনুসৰি দাখিল হয় ।ইয়াৰ পাছত আজি প্ৰতীক্ষাৰ অন্ত পেলায় ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

Exit mobile version