নিজৰ স্মৃতিসমূহ শ্বেয়াৰ কৰাত এতিয়া ব্যস্ত প্ৰিয়ংকা চোপ্ৰা

Priyanka Chopra Miss World

জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ঘোষণা কৰিছিল যে, ২০১৮ ত Unfinshied ৰ জৰিয়তে নিজৰ স্মৃতিসমূহ লিখি ৰাখিছিল । সামাজিক মাধ্যমত এই বিষয়ে আপডেট দিয়ে প্ৰিয়ংকা । আগষ্ট মাহত লিখি সমাপ্ত কৰা Unfinishedত নিজৰ জীৱনৰ স্নিপেটছসমূহ শ্বেয়াৰ কৰে। প্ৰিয়ংকাই শ্বেয়াৰ কৰা পোষ্টটোৰ স’তে নিজৰ সফলতাৰ মুহূৰ্ত, বিবাহৰ ফটো, UNICEF ত এম্বেছাদৰ হিচাপে যোৱাৰ ভিডিঅ’ৰ লগতে অন্যান্য শ্বেয়াৰ কৰে । কেপছনত লিখে যে, ” We all have এ journey and story to tell.”

আনহাতে, ‘Unfinished’ প্ৰকাশিত হ’ব পেংগুইন ৰেন্দম হাউচৰ দ্বাৰা । বুধবাৰে নিজৰ শৈশৱ কালৰ ফটোৰ লগতে কিশোৰ অৱস্থা আৰু মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত জয়ী হোৱাৰ কিছু স্মৃতি শ্বেয়াৰ কৰে । লগত লিখে যে, “Something’s Comming.” মিছ ৱৰ্ল্ডৰ খিতাপ জয় কৰা প্ৰিয়ংকা চোপ্ৰাই ২০০৩ ত বলিউদৰ জগতখনত খোজ দিছিল।

মুঝছে চাদি কৰোগী, এতৰাজ, ক্ৰীচ, দিল ধড়কনে দো, বাজিৰাও মস্তানী, মেৰী কম কে ধৰি বহুকেইখন হিট ছবিত অভিনয় কৰিছিল। বলিউদৰ লগে লগে হলিউদৰ ছবিতো অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় প্ৰিয়ংকা । শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাক ‘The Sky is Pink’ ছবিখনত দেখিবলৈ পোৱা গৈছিল।

Exit mobile version