কৰ’না চম্ভালি অৱশেষত মুকলি হ’ল মক্কা

000 1po81c

অৱশেষত মুকলি কৰা হৈছে ইছলাম ধৰ্মীয় পীঠস্থান মক্কা।

কৰ’নাৰ কাৰণে সাতমাহ বন্ধ হৈ থকাৰ পাছত আজিৰে পৰা পৰা খুলি দিয়া হৈছে মক্কাৰ দুৱাৰ।

সম্প্ৰতি ছৌদি আৰবৰ চৰকাৰৰ তৰফৰ পৰা চাৰি অক্টোবৰৰ পৰা উমৰাহ হজ পালনৰ বাবে ঘোষণা কৰা হৈছিল। অৱশ্যে সীমিত পৰিসৰত মুকলি কৰা হৈছে মক্কা।

দেওবাৰে মক্কাত ভিৰ কৰিছে শতাধিক তীৰ্থযাত্ৰী। দৈনিক ১৫ হাজাৰ তীৰ্থযাত্ৰী মক্কালৈ যাবলৈ অনুমতি লাভ কৰিব ।

ছৌদি চৰকাৰে কৈছে যে তীৰ্থযাত্ৰীক কোনোপধ্যেই সমবেত হ’বলৈ দিয়া নহ’ব ৷

সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব ।

সৰু সৰু ভাগত ভাগ কৰা হ’ব তীৰ্থযাত্ৰীসকলক ৷

ম’বাইলৰ এপৰ জৰিয়তে তীৰ্থযাত্ৰীসকলে আবেদন কৰিব লাগিব ৷

Exit mobile version