নগাঁৱৰ ৰণথলীত চাঞ্চল্যকৰ হত্যাকাণ্ড

002 1

কেঁচা সোণৰ গহনাৰ শিল্প উদ্যোগৰ বাবে প্ৰখ্যাত নগাঁও জিলাৰ নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰণথলিৰ ৰজা ভেটিত শনিবাৰে নিশা এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় । একেখন গাঁৱৰে দুই যুৱকে চুৰিকাঘাতৰে অতি নৃশংসভাৱে হত্যা কৰে প্ৰশান্ত কুমাৰ বণিয়া(৩১) নামৰ কেঁচা সোণৰ গহনাৰ ব্যৱসায়ীৰ লগত জড়িত এজন যুৱ ব্যৱসায়ীক। স্মৰ্তব্য যে,প্ৰশান্তৰ নগাঁও চহৰত”গহনা”নামৰ কেঁচা সোণৰ গহনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ।

এই হত্যাকাণ্ডক কেন্দ্ৰ কৰি যোৱা নিশাৰে পৰাই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে আজি অঞ্চলটোৰ উত্তেজিত ৰাইজৰ সামূহিক প্ৰহাৰত ধৰাশয়ী হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত এজনৰো নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মৃত্যু হয়। তেওঁৰ নাম ৰিমন শইকীয়া(১৯) বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে। অভিযোগ অনুসৰি, কেঁচা সোণৰ গহনাৰ যুৱ ব্যৱসায়ী প্ৰশান্ত বণিয়াক কালি নিশা প্ৰায় ৯.৩০বজাত অঞ্চলটোৰ দুই যুৱক ক্ৰমে ৰিমন শইকীয়া আৰু নিতুল শইকীয়াই চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত তেওঁ অতি গুৰুতৰভাৱে আহত হৈছিল ।

পিছত পৰিয়ালৰ লোকে তেওঁক অতি মূমূৰ্ষ অৱস্থাত ততাতৈয়াকৈ নগাঁও চহৰৰ এখন চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি প্ৰশান্ত বণিয়াক মৃত বুলি ঘোষণা কৰে। যুৱক কেইজনৰ মাজত হোৱা ধনৰ লেন দেনৰ বাবেই হোৱা সংঘাতৰ পৰিপ্ৰেক্ষিতত এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি আৰক্ষীয়ে কিছু তথ্য লাভ কৰিছে বুলি জানিব পৰা গৈছে। কিন্তু অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

কালি নিশাই ঘটনা সন্দৰ্ভত ননৈ আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে অভিযুক্তদ্বয়ৰ সন্ধানত অভিযান আৰম্ভ কৰে যদিও সফল হ’ব পৰা নাছিল।ইপিনে,আজি পুৱা অঞ্চলটোৰ ৰাইজে অভিযান চলাই ওচৰৰ ধাননী পথাৰত লুকাই থকা অৱস্থাত ৰিমন শইকীয়া নামৰ অভিযুক্ত এজনক ধাননিৰ মাজত লুকাই থকা অৱস্থাৰ পৰা কৰায়ত্ত কৰি উত্তম-মধ্যম শোধায় ।

উত্তেজিত ৰাইজে সম্পূৰ্ণ বিবস্ত্ৰ কৰি তেওঁক গণ প্ৰহাৰ কৰাত লেবেজান হৈ পৰে। যুৱক জনক উত্তেজিত ৰাইজৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰক্ষীয়ে আপ্ৰাণ চেষ্টা চলাই যদিও ব্যৰ্থ হয়।আনকি আৰক্ষীৰ সৈতে উত্তেজিত ৰাইজৰ প্ৰথমে বাকযুদ্ধ আৰু পাছত হতাহতিও লাগে। আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীয়ে উত্তেজিত জনতাক ছত্ৰভঙ্গ দিয়াবলৈ লাঠী চালনাও কৰিব লগা হয়।আনকি ঘটনাস্থলীত সাংবাদিকৰ প্ৰবেশতো বাধা প্ৰদান কৰে উত্তেজিত গঞাই।

লগতে আজি সেই এলেকাত মোবাইলৰ কেমেৰাৰে ফ’টো তোলা, ভিডিঅ’কৰাও নিষিদ্ধ কৰে স্থানীয় ৰাইজে ।পাছত ঘটনাস্থলীত উপস্থিত হৈ নগাঁও আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীয়ে ধাননি পথাৰৰ বোকাত নামি প্ৰাণ ৰক্ষা কৰিব লগীয়া হয় হত্যাৰ অভিযোগত অভিযুক্ত যুৱকজনক । তেওঁক মূমূৰ্ষ আৰু সম্পূৰ্ণ বিবস্ত্ৰ অৱস্থাত এটা পুখুৰীৰ পাৰৰ পৰা আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীয়ে উদ্ধাৰ কৰে।মূমূৰ্ষ অৱস্থাত যুৱকজনক নগাঁৱলৈ আনি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাৰত অৱস্থাতে আজি সন্ধিয়া প্ৰায় ৫.৩০বজাত তেওঁৰ মৃত্যু হয়।

ইপিনে,ৰাইজে নিজা ঘৰৰ পৰাই আজি বিয়লি কৰায়ত্ত কৰি উত্তম মাধ্যম শোধাই আৰক্ষীক গতাই দিয়া আনজন অভিযুক্ত তথা ৰিমনৰ ভ্ৰাতৃ নিতুল শইকীয়া (২২)কো অতি সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি ৰিমন শইকীয়াই তেওঁৰ ভ্ৰাতৃ নিতুল শইকীয়াৰ লগ লাগি শনিবাৰে নিশা প্ৰায় ৯.৩০বজাত চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰিছিল৷

একেখন গাঁৱৰে যুৱ ব্যৱসায়ী প্ৰশান্ত কুমাৰ বনিয়াক । নগাঁও চহৰৰ’গহনা” নামৰ কেঁচা সোণৰ গহনা বিক্ৰীৰ এখন প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী প্ৰশান্ত বণিয়াক ঘৰৰ সমীপতে নিশা আক্ৰমণ কৰিছিল ৰিমন শইকীয়া আৰু নিতুল শইকীয়াই । ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত প্ৰশান্ত বণিয়াক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসায়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও ইতিপূৰ্বেই শেষ নিশ্বাস ত্যাগ কৰিছিল এটা সন্তানৰ পিতৃ তথা যুৱ ব্যৱসায়ী গৰাকীয়ে ।

এই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰি আত্মগোপন কৰি আছিল দুই অভিযুক্ত ৰিমন আৰু নিতুল শইকীয়াই । আজি পুৱাই অভিযুক্তক বিচাৰি স্থানীয় এদল লোকে আৰম্ভ কৰিছিল অভিযান । ধাননি পথাৰৰ মাজত লুকাই থকাৰ পৰা স্থানীয় ৰাইজে কৰায়ত্ত কৰে ঘটনাৰ মূল অভিযুক্ত ৰিমন শইকীয়াক ।

ইপিনে,ৰণথলিৰ নৃশংস হত্যাকাণ্ডৰ আনজন অভিযুক্ত নিতুল শইকীয়াকো ইতিমধ্যে ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে।
নিজৰ ঘৰৰ ভিতৰতে লুকাই থকা অৱস্থাত ৰাইজে কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই নিতুলক আৰক্ষীক গতাই দিয়ে।
সম্প্ৰতি নগাঁৱৰ কেঁচা সোণৰ গাঁও ৰূপে খ্যাত ৰণথলীত প্ৰশান্ত কুমাৰ বণিয়াৰ হত্যাকাণ্ডৰ লগতে তেওঁৰ হত্যা কাণ্ডৰ মূল অভিযুক্ত ৰিমনৰ গণ প্ৰহাৰত মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটো অগ্নিগৰ্ভা হৈ পৰিছে।

Exit mobile version