“মই পুনৰ আলফাত যােগ দিম নহয় আত্মহত্যা কৰিম”, ভূটানত অস্ত্র প্রশিক্ষণ প্রাপ্ত এজন প্রাক্তন আলফা কেডাৰৰ ভাষ্য এয়া । অর্থ সংকটত পৰা প্ৰাক্তন আলফা কেডাৰ গৰাকীয়ে নিজৰ সমস্যাৰ কথা কৈ হুক হুকাই কান্দিলে। দেশ স্বাধীনৰ সংগ্ৰামত সােমাই পৰা একালৰ দুধর্ষ আলফা কেডাৰ এগৰাকীৰ এতিয়াএসাজ ভাতৰ কাৰণে সংগ্রাম কৰিবলগীয়া কৰুণ কাহিনীয়ে মর্মাহত কৰিব আপোনাক।
জীৱনৰ সকলাে মূল্যৱান সময় হেৰুৱাই এতিয়া নিঃসহায় প্রাক্তন আলফা কেডাৰ গৰাকী । আলফাৰ সভাপতি অৰবিন্দ ৰাজখােৱাকে ধৰি কে’বাজনো আলফা শীর্ষ নেতাৰ দেহৰক্ষী হিচাপে আছিল জয় নাথ। কিন্তু দেহৰক্ষীৰ জনৰ কোনো খবৰ নলয় শীর্ষ নেতৃত্বই। সেয়ে অৱশেষত আত্মহত্যাৰ পণ লৈছে এইগৰাকী প্রাক্তন আলফা কেডাৰে । বাক্সা জিলাৰ এইগৰাকী দুধর্ষ আলফা কেডাৰ জয় নাথ।
এসময়ত সেনা-আৰক্ষীৰ মূৰৰ কামােৰনি হৈ পৰা জয় নাথৰ ঘৰ গােৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতিবন্ধা কলবাৰীত । ১৯৯৫ চনত দেশ স্বাধীনতাৰ পণ লৈ আলফাত যােগ দি ভূটানত প্রশিক্ষণ লৈছিল জয় নাথে । ছমহীয়াপ্রশিক্ষণ শেষ কৰি দেহৰক্ষী হিচাপে কাম কৰিছিল কেপ্টেইন ভাইটি গগৈ, অভিজিৎ ডেকা, অৰবিন্দ ৰাজখােৱাকে ধৰি কে’বাজনাে শীর্ষ নেতাৰ । ২০০২ চনত ভূটানৰ আলফাৰ চাহাৰা ডিফেন্সত এবছৰ কটোৱাৰ পাছত ৰােগাক্রান্ত হয় জয় নাথে।
ভূটানৰ পৰা গুৱাহাটীৰ খানাপাৰাত চিকিৎসাধীন হৈ থকাৰ সময়তে ছালফা আৰু সেনাৰ যুটীয়া অভিযানত পৰে জয় নাথে । এমাহ সেনাৰ নিৰ্যাতনৰ বলি হােৱা জয় নাথে অৱশেষত ২০০৪ চনত আত্মসমর্পণ কৰিবলৈ বাধ্য হয় বাক্সা জিলাৰ তামুলপুৰত। আত্ম সমর্পণৰ সময়ত চৰকাৰে তেঁওলােকক মাহিলী দুই হাজাৰ টকাকৈ ভাট্টা দিয়াৰ কথা প্রকাশ কৰিছিল যদিও আজিলৈ ফুটাকৰি এটাও চৰকাৰৰ পৰা নাপালে জয়নাথে ।
আনকি এছ আই কাণ্ডত নাম সাঙোৰ খােৱা বিতর্কিত আৰক্ষী বিষয়া তথা সেই সেময়ৰ কোকৰাঝাৰৰ এছপি পি কে দত্তই আৰক্ষীত নিযুক্তি দিয়াৰ নামত তেঁওৰ পৰা বিচাৰিছিল নগদ ২০হাজাৰ টকা । জীৱনৰ সকলাে ঘাত প্রতিঘাতৰ কথা কৈ সাংবাদিকৰ সন্মুখতে হুকহুকাই কান্দিলে দুটি কন্যা সন্তানৰ পিতৃ তথাপ্রাক্তন আলফা কেডাৰ জয় নাথে। দিশহাৰা হৈ পৰা দুধর্ষ আলফা কেডাৰ গৰাকী পৰৱৰ্তী সময়ত সুদত টকা লৈ এখন সাধাৰণ তামােল পাণৰ দোকান দিছিল যদিও সেয়াও বন্ধ এতিয়া।
প্রাক্তন আলফা জয়নাথক দিন হাজিৰা কৰাৰ বাবেও নিমন্ত্রণ নকৰে কোনেও। যাৰ ফলত কেতিয়াবা যদি চাইকেলেৰে ভঙা চিঙা সামগ্রী বিচাৰি গাঁওলৈ যায় আৰু কেতিয়াবা মিস্ত্রীৰ যােগালি হিচাপে কাম কৰে একালত হাতত এ কে ৪৭ লৈ ঘূৰি ফুৰা জয়নাথে। অর্থৰ অভাৱত পৰিয়াল পােহপাল দিব নােৱাৰা জয়নাথে হয় পুনৰ আলফাত যােগ দিব নহ’লে আত্মহত্যা কৰাৰ পণ লােৱাৰ বিস্ফোৰক মন্তব্য কৰে সাংবাদিকৰ সন্মুখত।