কৃষি আইন আৰু SI কেলেংকাৰিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

IMG 20201005 WA0014

অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাচনি পৰীক্ষাত সংঘটিত কেলেংকাৰি আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কৃষক বিৰোধী কৃষি  আইন প্ৰত্যাহাৰৰ দাবীত আজি নগাঁৱত কংগ্ৰেছৰ উদ্যোগত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় । প্ৰতিবাদী কংগ্ৰেছ নেতা-কৰ্মীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তাল কৰি তোলে । প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাৰ নেতৃত্বত কংগ্ৰেছৰ নেতা-কৰ্মীয়ে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়ায় ৷

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কান্ধত নাঙল লৈ আৰু প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাই যুঁৱলি লৈ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । প্ৰতিবাদী সমদলটো নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মূখেদি উপায়ুক্ত কাৰ্যালয়লৈ অগ্ৰসৰ হোৱাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে। ইয়াক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীৰ বেৰিকেট অতিক্ৰম কৰিব বিচৰা প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে লাঠি চালনা কৰে । ফলত কেইবাজনো কংগ্ৰেছ কৰ্মী আহত হয় ।

আৰক্ষীৰ এনে ভূমিকাত প্ৰতিবাদী কংগ্ৰেছীসকল ক্ষুন্ন হৈ পৰে।নগাঁও জিলা কংগ্ৰেছে অভিযোগ কৰা মতে আৰক্ষীয়ে অপ্ৰৰোচিতভাৱে গণতান্ত্ৰিকভাবে প্ৰতিবাদ কৰা কংগ্ৰেছী কৰ্মীক প্ৰহাৰ কৰিছে। আৰক্ষীৰ এই ভূমিকাত নগাঁও জিলা কংগ্ৰেছে কঠোৰভাৱে সমালোচনা কৰে । ইপিনে প্ৰতিবাদকাৰী সমদলক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাত সুখমাই বসুমতাৰী, ৰূপালী শইকীয়া নামৰ মহিলা কংগ্ৰেছী দুগৰাকীৰ লগতে ইন্দ্ৰ দাস, মনোজ ভূঞা, আমিৰ হামজা, আজাহাৰ নামৰ কংগ্ৰেছৰ কৰ্মীসকল আহত হয়।

আৰক্ষীৰ এনে কাৰ্যৰ তীব্ৰ গৰিহণা দি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় “গণতান্ত্ৰিক প্ৰতিবাদক বাধা দি চৰকাৰে অসমত আৰক্ষীৰাজ আৰম্ভ কৰিছে। কেলেংকাৰিৰে অভিলেখ সৃষ্টি কৰা বৰ্তমানৰ চৰকাৰখনে নিজৰ চেকা দূৰ কৰিবৰ কাৰণে এতিয়া প্ৰতিবাদকাৰী ওপৰত আৰক্ষীৰ ৰাজ চলাব বিচাৰিছে। চৰকাৰে যিমানেই বাধা নিদিয়ক, আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। নগাঁও জিলা কংগ্ৰেছে আজি আৰক্ষীয়ে প্ৰতিবাদকাৰী কংগ্ৰেছৰ ওপৰত চলোৱা অত্যাচাৰৰ ন্যায়িক তদন্তৰ দাবী জনাইছে ।”

Exit mobile version