“প্ৰকৃতি সুৰক্ষা আৰু Sustainable Development” সম্পৰ্কে সচেতনতা সৃষ্টিৰ উদ্দেশ্যে তিনি অসমীয়া যুৱকে এখন বাঁহেৰে নিৰ্মাণ কৰা ভূঁৰে আৰম্ভ কৰা এই নৌকা যাত্ৰা আজি সামৰণি পৰে । মহাবহু ব্ৰহ্মপুত্ৰৰ বুকু ভেদি অদ্যম সাহসেৰে বিশ্বখ্যাত নদীদ্বীপ মাজুলীৰপৰা আহি ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দত আজি পুৱা উপস্থিত হয় দলটো ।
ADVERTISEMENT
শেখৰ বৰদলৈ, ৰিচান দলসহ তিনিজনীয়া দলটোৱে এই দুঃসাহসিক অভিযান আঠটা দিনত অতিক্ৰম কৰিবলৈ সফল হয় । যোৱা ৩০ ছেপ্টেম্বৰত আৰম্ভ কৰা এই যাত্ৰা সাতটা দিন মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত অদম্য সাহস, ধৈৰ্য্য আৰু ইচ্ছাশক্তিৰ ফলত আজি দলটোৱে সুকলমে সমাপ্ত কৰে তেওঁলোকৰ নৌকা যাত্ৰা।