সুদীৰ্ঘ আঠমাহৰ পাছত আজিৰে পৰা মুকলি কৰা কামাখ্যা মন্দিৰ প্ৰথম দৰ্শন কৰে পশ্চিমবংগৰ মনোজ দাসে ৷ অৱশ্যে এতিয়াও কামাখ্যা দেৱালয়ৰ গৰ্ভগৃহ খোলা নাই ।
ADVERTISEMENT
ক’ভিড ১৯ ৰ সকলো প্ৰট’কল ৰক্ষা কৰি কামাখ্যা মন্দিৰ দৰ্শন কৰিব পাৰিব ভক্তসকলে ৷এইসময়ত ক’ভিড ১৯ৰ ৰেপিড এণ্টিজেন টেষ্ট কৰাব লাগিব। লগতে এই টেষ্টৰ প্ৰতিবেদন মন্দিৰৰ নিদিষ্ট স্থানত দেখুৱাব লাগিব।
প্ৰতিজন ভক্তই মন্দিৰ দৰ্শনৰ কাৰণে সৰ্বাধিক ১৫ মিনিট সময়হে লাভ কৰিব।লগতে ভক্তসকলে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব ৷






























