গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া জগদীশ চন্দ্ৰ শৰ্মাৰ বিয়োগ

WhatsApp Image 2020 10 12 at 8.27.02 PM

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ পাণ্ডুলিপি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া জগদীশ চন্দ্ৰ শৰ্মাৰ যোৱা ১১অক্টোবৰত নিশা বাৰ্ধক্যজনিত কাৰণত জালুকবাৰীস্থিত নিজা বাসগৃহত মৃত্যু হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৩ বছৰ। অঞ্চলটোৰ সৰবৰহী ব্যক্তি শৰ্মাই নলবাৰীৰ গৰ্ডন হাইস্কুলত স্কুলীয়া শিক্ষা সমাপন কৰি গুৱাহাটীৰ কটন মহাবিদ্যালয়ত কলেজীয়া শিক্ষা গ্ৰহণ কৰে।

বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ পাণ্ডুলিপি শাখাত তেখেতে কৰ্মজীৱন আৰম্ভ কৰি পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয় গ্ৰন্থাগাৰৰ একে বিভাগতে সেৱা আগবঢ়াই তেখেতে কৰ্মজীৱনৰ সামৰণি মাৰে । অধ্যয়নশীল ব্যক্তিত্বৰ অধিকাৰী শৰ্মা লিখামেলাৰ স’তেও জড়িত আছিল। নিজৰ একাণপতিয়া প্ৰচেষ্টাৰ বলত তেখেতে যুটীয়াভাৱে ষ্টুডেন্টছ ফেভাৰিত এংগলো আচামীছ ডিক্সনাৰী নামৰ অভিধান এখন সংকলন তথা সম্পাদনাৰ গুৰু দায়িত্ব বহন কৰিছিল।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাখনৰো সৰল অসমীয়া সংকলন এটাৰ কাম তেখেতে সফলভাৱে সমাপন কৰিছিল। মৃত্যুৰ সময়ত তেখেতে চাৰিগৰাকী পুত্ৰ-বোৱাৰী, জী-জোঁৱাই, নাতি নাতিনী আৰু বহু আত্মীয়ক এই সংসাৰত এৰি থৈ যায়।

Exit mobile version