পলাশীৰ যুদ্ধ-চিপাহী বিদ্ৰোহতো বন্ধ নোহোৱা দুৰ্গাপূজা নহয় গোবৰডাঙাৰ জমিদাৰবাড়িত

download

তিনি শতাধিক বছৰীয়া পৰম্পৰা ৰক্ষা কৰি গোবৰডাঙাৰ জমিদাৰবাড়ি অৰ্থাৎ এসময়ৰ জমিদাৰ প্ৰসন্ন মুখাৰ্জীৰ দালানত প্ৰতি বছৰে আয়োজন কৰা হয় দুৰ্গা পূজা । কিন্তু এইবাৰ এই তিনিশ বছৰীয়া পৰম্পৰাত আঘাত হানিলে কৰ’নাই । প্ৰায় ৪৫০ ৰো অধিক কালৰ পূৰ্বে লক্ষ্ণৌৰ পৰা আহি প্ৰসন্ন মুখাৰ্জীৰ পৰিয়ালে বৰ্তমানৰ বাংলাদেশৰ চাৰছাৰ সাগৰদাড়িত বসবাস আৰম্ভ কৰিছিল ।

তাতেই পূজাৰ সূচনা হৈছিল । পৰৱৰ্তী সময়ত পৰিয়ালৰ সদস্য শ্যামৰাম মুখাৰ্জীয়ে উত্তৰ ২৪ পৰগণা জিলাৰ গোবৰডাঙাৰ ইছাপুৰত থাকিবলৈ লয় আৰু উক্ত স্থানতে জমিদাৰ পৰিয়ালৰ এগৰাকী কন্যাক বিয়া কৰায় বিবাহসূত্ৰে জমিদাৰীৰ এটা অংশ লাভ কৰে । শ্যামৰামৰ পুত্ৰ খেলাৰাম মুখাৰ্জীয়ে ব্ৰিটিছ কালেক্টৰৰ হৈ কাম কৰিছিল । সেই খেলাৰামেই গুবৰডাঙাত পাৰিবাৰিক দুৰ্গাপূজা আৰম্ভ কৰে । ইয়াত দেৱী দুৰ্গা প্ৰসন্নময়ী দুৰ্গা নামেৰে বিখ্যাত ।

বিগত তিনিশ বছৰৰো অধিক কাল ধৰি গোবৰডাঙাৰ লোক এই পূজাৰ সাক্ষী হৈ আহিছে । আগৰ ৰহণ হেৰুৱালেও স্থানীয় লোকৰ বাবে এই পূজাৰ মাহাত্ম্য আজিও আগৰ দৰেই আছে । কিন্তু এইবাৰ পূজা বন্ধ হোৱাত ম্লান পৰিল সকলোৰে আনন্দত ।
পলাশী যুদ্ধ, চিপাহী বিদ্ৰোহৰ সময়তো বন্ধ হোৱা নাছিল এই পূজা ভাগ । কিন্তু কৰ’না অতিমাৰীৰ ফলত এইবাৰ আয়োজন নহ’ব এই পূজা ভাগ । কেৱল ঘটপূজা কৰি নিয়ম পালন কৰিয়ে সমাধা কৰিব এই ঐতিহ্যমণ্ডিত পূজা ভাগৰ ।

Exit mobile version