পাণ্ডু-সদিলাপুৰৰ সমাজকৰ্মী ৰমেশ চন্দ্ৰ বৰ্মনৰ মৃত্যু

WhatsApp Image 2020 10 12 at 8.27.01 PM

গুৱাহাটীৰ এক নং ৱাৰ্ডৰ পাণ্ডু-সদিলাপুৰ নিবাসী, সমাজকৰ্মী আৰু ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰমেশ চন্দ্ৰ বৰ্মনৰ বাৰ্ধক্যজনিত কাৰণত যোৱা ১১ অক্টোবৰত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ । সমাজৰ বিভিন্ন কৰ্মৰ স’তে জড়িত ৰমেশ চন্দ্ৰ বৰ্মন আছিল পাণ্ডু-সদিলাপুৰৰ সাৰ্বজনীন শ্ৰী শ্ৰী কালী মন্দিৰ আৰু শ্ৰী শ্ৰী গোপাল কৃষ্ণ নামঘৰৰ প্ৰতিষ্ঠাপক ।

লগতে তেওঁ শ্ৰী শ্ৰী দুর্গাপূজাকে ধৰি অঞ্চলটোৰ বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো জড়িত আছিল। প্ৰয়াত বৰ্মনে পত্নী, পুত্ৰ-বোৱাৰী, নাতি-নাতিনী, তিনিজন ভাতৃ-ভগ্নীকে ধৰি বহুসংখ্যক আত্মীয়-স্বজন এৰি থৈ যায়। তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে ।

Exit mobile version