ফ্ৰাংকফুৰ্ট গ্ৰন্থমেলা হ’ব ‘ভিজিটেল’ মাধ্যমত

Frankfurt 2020 Book Fair

কৰ’নাই পৰিৱৰ্তন কৰিলে গ্ৰন্থমেলাৰ । কৰ’নাৰ নেতিবাচক প্ৰভাৱতে বিশ্বৰ বৃহত্তম ফ্ৰাংকফুৰ্ট আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলা এইবাৰ ‘ডিজিটেল’ ৰূপত হোৱাৰ পথত । এই গ্ৰন্থমেলা প্ৰাংগণত এইবাৰ গ্ৰন্থৰ প্ৰদৰ্শনী নহয় । ইয়াৰ পৰিৱৰ্তে প্রকাশকসকলে ডিজিটেল মাধ্যমত নিজৰ গ্ৰন্থ সম্ভাৰৰ প্ৰদৰ্শন কৰিব পাৰিব । এই আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাখন প্ৰতি বছৰৰ অক্টোবৰৰ দ্বিতীয় সপ্তাহৰ মঙলবাৰে উদ্ধোধন কৰা হয়।

অহা ১৪ ৰ পৰা ১৮ অক্টোবৰ পৰ্যন্ত অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা । ই বিশ্বৰ সবাতোকৈ বৃহৎ গ্ৰন্থমেলাৰ লগতে গ্ৰন্থৰ এখন বৃহৎ বাণিজ্য মেলাও । কিন্তু এইবাৰ পাঠকসকলে গ্ৰন্থ ক্ৰয় কৰিবলৈ সক্ষম নহ’ব এই মেলাত । বিক্ৰী হ’ব একমাত্ৰ গ্ৰন্থৰ স্বত্ব ।

চলিত বৰ্ষৰ সিদ্ধান্ত অনুসৰি অংশগ্ৰহণত ইচ্ছুক প্ৰকাশকসকলে ‘অনলাইন’ যোগে পঞ্জীয়ন কৰিব লাগিব।প্ৰতিটো প্ৰকাশকৰে পৃথক ‘প্ৰ’ফাইল প্ৰস্তুত কৰা হ’ব । ইয়াত থাকিব প্ৰকাশকৰ ‘ল’গ’ তথা ৱেবছাইটৰ লিংক । ছ’চিয়েল মিডিয়াত প্ৰ’ফাইল থাকিলে তাৰো লিংক তথা অন্যান্য তথ্য দিয়া হ’ব । এইবাৰ মেলাখনৰ সন্মানীয় অতিথি দেশ হ’ব কানাডা । কানাডাৰ প্ৰতিনিধিসকলে ‘ভাৰ্চুৱেলী’ বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিব ।

Exit mobile version