কালীপুৰত অজগৰ সাপ উদ্ধাৰ

091ecdab 1539 42a8 a6a9 99838f10c121

গুৱাহাটী মহানগৰীৰ ভৰলুমুখ থানাৰ অন্তৰ্গত কালীপুৰত বিগত দুদিন ধৰি নিশাৰ ভাগত দুডালকৈ অজগৰ উদ্ধাৰ হোৱা ঘটনাই বাসিন্দাসকলক শংকিত কৰিছে। বন বিভাগৰ ফটাশিল খণ্ড বন বিষয়া জ্যোতিষ কলিতাই জানিবলৈ দিয়া মতে ১১ অক্টোবৰৰ নিশা প্ৰায় ১০ বজাত কালীপুৰৰ বাসিন্দা এজনৰ ঘৰত চিলিং ভাগি এডাল প্ৰকাণ্ড অজগৰ সাপ মজিয়াত পৰি যোৱাত হুৱাদুৱাৰ সৃষ্টি হয় ।

পিছত নিশা বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অজগৰডাল অক্ষত অৱস্থাত উদ্ধাৰ কৰি দীপৰ বিলত এৰি দিয়া হয়। আনহাতে যোৱা ১২ অক্টোবৰৰ নিশা প্ৰায় ১১ বজাত অঞ্চলটোৰ আন এঘৰৰ দেৱালত এডাল প্ৰকাণ্ড অজগৰ সাপ প্ৰত্যক্ষ কৰাৰ পিছত অঞ্চলটোত হুৱাদুৱাৰ সৃষ্টি হয়।

স্থানীয় ৰাইজে ভৰলুমুখ থানাত দিয়া খবৰৰ ভিত্তিত ফটাশিল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ দল গৈ মাজনিশা অজগৰডাল উদ্ধাৰ কৰে। প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ আৰু ১৫ কেজি ওজনৰ অজগৰডাল আজি পুৱা আমচাং অভয়াৰণ্যত এৰি দিয়া হয়। দুদিনত নিশাৰ ভাগত দুডাল অজগৰ উদ্ধাৰ হোৱাৰ পাছত অঞ্চলটোত আৰু অজগৰ সাপ থাকিব পাৰে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

Exit mobile version