- অনাগত চাৰি-পাঁচ বছৰৰ ভিতৰত ভাৰতে হাইপাৰছ’নিক ক্ৰুজ মিছাইল লাভ কৰিবলৈ সক্ষম হ’ব । এই কথা সদৰী কৰিছে ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ মুৰব্বী ডঃ জি সতীশ ৰেড্ডীয়ে ৷
- লগতে ৰেড্ডীয়ে কয় যে হাইপাৰছ’নিক ক্ৰুজ মিছাইলে ভূপৃষ্ঠৰ পৰা কম উচ্চতাৰে গতি কৰি লক্ষ্যস্থানত আঘাত কৰিব পাৰে ৷
- উল্লেখযোগ্য যে সমগ্ৰ বিশ্বত আমেৰিকা, ৰাছিয়া আৰু চীনৰ হাততহে শব্দতকৈ বহু গুণে বেছি গতিবেগ সম্পন্ন হাইপাৰছ’নিক ক্ৰুজ মিছাইল আছে ।
- প্ৰতিৰক্ষা গৱেষণা সংস্থাৰ মুৰব্বী গৰাকীয়ে প্ৰকাশ কৰা মতে হাইপাৰছ’নিক ক্ৰুজ মিছাইলে প্ৰতি ছেকেণ্ডত ৩০০ মিটাৰ অতিক্ৰম কৰিব পাৰিব ।
- আনহাতে ভাৰতে নিৰ্মাণ কৰা ব্ৰাহ্মছ মিছাইলৰ গতিবেগ ২.৮ মেক ।
- অৰ্থাৎ এই মিছাইলে শব্দৰ গতি বেগতকৈ তিনি গুণ বেছি বেগত গতি কৰিব পাৰে । হাইপাৰছ’নিক ক্ৰুজ মিছাইলৰ গতিবেগ ব্ৰহ্মাস্ত্ৰ মিছাইলৰ গতিবেগতকৈ বহু বেছি হ’ব।
ADVERTISEMENT