১৪ মাহ গৃহবন্দীৰ পাছত মুকলি আকাশৰ তললৈ জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি

MEHBOOBAMUFTI

অৱশেষত ১৪ মাহৰ পাছত মুকলি আকাশৰ তললৈ ওলাই আহিল জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি ৷এই কথা সদৰী কৰিছে জম্মু কাশ্মীৰৰ চৰকাৰৰ প্ৰবক্তা ৰোহিত কঞ্চলে ৷

বিগত বৰ্ষৰ ৪ আগষ্টত জম্মু কাশ্মীৰক দুটা ভাগত ভাগ কৰাৰ লগতে বিশেষাধিকাৰ লৈ লোৱাৰে পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিক গৃহবন্দী কৰিছিল চৰকাৰে ৷ইপিনে মুক্তি হৈয়ে মেহবুবাই কয় “দিল্লী ৫ আগষ্টত অবৈধ আৰু অগণতান্ত্ৰিকভাৱে আমাৰ পৰা কি কি লৈছিল এতিয়া সেয়া মনত পেলোৱাৰ সময় ৷ মই যি হেৰুৱালো সেয়া মোক পুনৰ লাগে ৷”

গৃহবন্দীৰ পৰা মুক্তি লাভ কৰিয়ে টুইটাৰ জৰিয়তে মুফতিয়ে কয়”মই প্ৰায় এবছৰতকৈ অধিক সময় গৃহবন্দী হৈ থাকিলো। ২০১৯ ৰ ৫ আগষ্টৰ সেই ক’লা দিনটোৱে মোৰ হৃদয় আৰু আত্মাক সদায় বিন্ধি থাকে ।মই জানো মোৰ দৰে পৰিস্থিতি জম্মু কাশ্মীৰীৰ প্ৰায় জনতাৰে হৈছে ।কাৰণ সেই দিনটোৰ স্মৃতি কোনেও পাহৰিব নোৱাৰে “৷

Exit mobile version