কৰ’নাৰ সংক্ৰমণৰ মাজতে দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত উঠিছে। কাপোৰ ব্যৱসায়ীসকলৰ এইবাৰৰ পূজাত ব্যৱসায়ৰ অৱস্থা সুস্থিৰ নহয়। তাৰ মাজতে সাম্প্ৰতিক সময়ত আমাৰ জীৱনত প্ৰয়োজনীয় অংগ হৈ পৰিছে মাস্ক। সেয়েহে নতুন নতুন পোচাকৰ লগত বিনামূলীয়া মাস্কৰ যোগান ধৰিছে অনেক ব্যৱসায়ীয়ে ৷
ইফালে উইভাৰ্ছ এন্টিজেন ওৱেলফেয়াৰ ছ’চাইটিয়ৈ তৈয়াৰ কৰা শাড়ী দেশ বিদেশত বিক্ৰী কৰা হয়। এই মছলিন শাড়ী দেশৰ উপৰিও ইংলেণ্ড,দিল্লী ,কলকাতা আৰু বহমপুৰত বিক্ৰী কৰা হয়।
শাড়ী নিৰ্মাণ কৰা সংস্থাটোৰ দাবী যে এই শাড়ীৰ লগত মছলিন সূতাৰে তৈয়াৰী বিভিন্ন ৰঙী মাস্কো উপলব্ধ হয় ।সংস্থাৰ ফালৰ পৰা তপন মোদকে কয় “সকলো পোচাকৰ লগত মাস্ক উপলব্ধ হ’ব ৷
বহু গ্ৰাহকে দামী শাড়ীৰ লগত বিভিন্ন ৰঙৰ মাস্ক বিচাৰিছে ৷শাড়ীৰ লগতে চুৰিদাৰ ,কুৰ্তি,লেহেংগা,ফ্ৰকৰ লগতো মাস্ক বিচাৰিছে । গোপাল ঘোষ নামৰ এজন ব্যৱসায়ীৰ মতে কিছুমান দামী শাড়ীৰ লগত কাপোৰৰ ডিজাইন অনুসৰি মাস্ক প্ৰস্তুত কৰি বিনামূলীয়াকৈ গ্ৰাহকসকলক দিয়া হৈছে।
এই সন্দৰ্ভত আন এজন ব্যৱসায়ীয়ে কয় যে সমগ্ৰ বছৰটোৱেই নিজৰ দোকানত চুৰিদাৰ কামিজ প্ৰস্তুত কৰি বিক্ৰী কৰা হয় ।পূজাৰ সময়ত গ্ৰাহকৰ সংখ্যা বহু বৃদ্ধি হয় ।
কিন্তু এই সময়ত বহু চুৰিদাৰৰ লগত মাস্কৰ কাপোৰ দিয়া হৈছে। সেই অনুসৰি মাস্ক তৈয়াৰ কৰা হৈছে। এক ৰঙৰ কাপোৰত অন্য কাপোৰ ব্যৱহাৰ কৰি মাস্ক তৈয়াৰ কৰা হৈছে। ব্যৱসায়ীজনৰ মন্তব্য” বহু যুৱক যুৱতীয়ে জিনছৰ কাপোৰ বা টি চাৰ্টৰ ৰঙৰ স’তে মিলাই মাস্ক বিচাৰিছে ।”