নিৰ্বাচনী প্ৰচাৰৰ দৰে ভেকচিন বিতৰণত গুৰুত্ব দিবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Narendra Modi PT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়াকৈ ভেকচিনৰ বিতৰণ সন্দৰ্ভত আলোকপাত কৰে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি দেশত নিৰ্বাচন আৰু জৰুৰীকালীন সেৱাৰ সফল প্ৰয়োগ কৰিব লাগিব ৷সকলোতে ভেকচিন বিতৰণৰ সমতা স্থাপন কৰিব লাগিব ৷ভেকচিন বিতৰণত ৰাজ্য,জিলা স্তৰীয় পদাধিকাৰী,নাগৰিক সমাজ সংগঠন,স্বয়ংসেৱক,নাগৰিক আৰু বিশেষজ্ঞসকলো জড়িত থাকিব লাগিব ৷সমগ্ৰ প্ৰক্ৰিয়াটো যাতে এনেধৰণে নিৰ্মাণ কৰা হওক যাতে ইয়াৰ দ্বাৰা আমাৰ স্বাস্থ্য বিভাগটো শক্তিশালী হয় ।

ICMR আৰু বায়’টেকন’লজি দ্বাৰা হোৱা এটা সমীক্ষা অনুসৰি কৰ’না ভাইৰাছ লক্ষণ স্থিৰ ৷ভাইৰাছটোৰ কোনো বৃহৎ পৰিৱৰ্তন দেখা পোৱা নাই সমীক্ষাটোত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’না ভাইৰাছক ৰোধ কৰিবলৈ ল’ব লগা সকলো সাৱধানতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। যেনে মাস্ক পৰিধান কৰা,সামাজিক দূৰত্ব বৰ্তাই ৰখা,উৎসৱৰ বতৰত সকলো ক’ভিড প্ৰট’কল মানি চলা ইত্যাদি ।

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ভাৰতীয় বৈজ্ঞানিকসকলে যাতে চুবুৰীয়া দেশসমূহ আফগানিস্তান,ভূটান,বাংলাদেশ,মালদ্বীপ, নেপাল আৰু শ্ৰীলংকাৰ দৰে দেশসমূহৰ লগত সম্পৰ্ক শক্তিশালী কৰাৰ সন্দৰ্ভত গুৰুত্ব দিয়ে ৷

প্ৰধানমন্ত্ৰী মোডীয়ে ভেকচিন বিতৰণৰ সন্দৰ্ভত ভোগোলিক বিভিন্নতা আৰু প্ৰশাসনৰ প্ৰত্যেকটো পদক্ষেপক সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে।

Exit mobile version