“চাৰ্কাছ”ৰ জৰিয়তে পুনৰ ৰূপালী পৰ্দালৈ ৰণবীৰ সিং

WhatsApp Image 2020 10 19 at 4.14.15 PM

বলিউডৰ ছবি “চিম্বা”ৰ বৃহৎ সফলতাৰ পাছত ৰোহিত চেট্টীয়ে পুনৰ ৰণবীৰ সিঙৰ স’তে ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে । শেহতীয়াকৈ এই নতুন ছবিখনৰ সন্দৰ্ভত ৰোহিত চেট্টী,ৰণবীৰ সিং আৰু ছবিখনৰ প্ৰযোজক ভূষণ কুমাৰে মন্তব্য কৰে আৰু ফটোচ্যুট কৰোৱাই ৷

আনহাতে নতুন ছবিখনৰ নাম হ’ব “চাৰ্কাছ” ৷ চাৰ্কাছ হ’ব এখন কমেডী ছবি । চাৰ্কাছত মুখ্য চৰিত্ৰত অভিনয় কৰিব ৰণবীৰ সিং, দক্ষিণ ভাৰতীয় অভিনেত্ৰী পূজা হেগড়ে আৰু জেকলিন ফাৰ্ণাণ্ডেজে ৷

লগতে চাৰ্কাছ থাকিব বৰুণ শৰ্মা, সিদ্ধাৰ্থ জাধৱ, জনী লীৱাৰ, সঞ্জয় মিশ্ৰা, ব্ৰজেশ হিৰজী, বিজয় পাটকৰ, চুলভা আৰ্য, মুকেশ তিৱাৰী, অনিল চৰণজিৎ, অশ্বিনী কালচেকৰ আৰু মুকুল শৰ্মা আদিকে ধৰি বহু ন পুৰণি শিল্পী ৷ ছবিখনৰ দৃশ্যগ্ৰহণ মুম্বাই, উটি আৰু গোৱাত হ’ব । এই ছবিখনক ৰোহিত চেট্টীৰ লগতে ভূষণ কুমাৰ আৰু ৰিলায়েঞ্চ এন্টাৰটেইনমেইন্টও প্ৰযোজনা কৰিছে ৷

উল্লেখযোগ্য যে ৰোহিত চেট্টী আৰু ৰণবীৰ সিঙে তৃতীয়বাৰৰ কাৰণে একেলগে ছবিত অভিনয় কৰিব ৷ ইয়াৰ পূৰ্বে “চিম্বা” আৰু সূৰ্যবংশীত দুয়োজনে একেলগে কাম কৰিছিল । আনহাতে ৰণবীৰ সিঙৰ ছবিসমূহ কৰ’নাৰ কাৰণে মুক্তিৰ দিন পিছুৱাই দিছে । ইয়াৰ ভিতৰত আছে ১৯৮৩ চনত ভাৰতৰ ৱল্ড কাপ জয়ী হোৱাৰ আধাৰত নিৰ্মিত ছবি ৮৩ অন্যতম ৷

এই ছবিখনত ৰণবীৰ সিঙক উপৰিও দীপিকা পাডুকনেও অভিনয় কৰিছে । আন এখন ছবি হৈছে ৰোহিত চেট্টীৰ সূৰ্যবংশী । এই ছবিখনত ৰণবীৰে কেমিঅ’ৰ চৰিত্ৰত অভিনয় কৰিছে ।

Exit mobile version