পাকিস্তানত পুনৰ ব্যৱহাৰ হ’ল টিকটক

1594137556 tik tok

পাকিস্তানত পুনৰ ব্যৱহৃত হৈছে টিকটক । অশ্লীলতাৰ বাবে জনপ্ৰিয় এপটো নিষিদ্ধ কৰাৰ দহদিন পিছত পাকিস্তান চৰকাৰে পুনৰ ইয়াক ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে । দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে টিকটক নিষিদ্ধকৰণৰ আদেশ জাৰি কৰা হৈছিল । কিন্তু বেইজিঙে এই সন্দৰ্ভত চাপ দিয়াৰ বাবে পুনৰ এই আদেশ উঠাই লোৱা হয়।

আনহাতে, পাকিস্তান আৰু চীনৰ বন্ধুত্ব গভীৰ । চীন-পাকিস্তানৰ CPEC আছে শীৰ্ষস্থানত । ইতিমধ্যে ভাৰতকে ধৰি কে’বাখনো দেশে চীনা এপটোৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে । পাকিস্তানে ১০ দিনৰ বাবে কৰা নিষেধাজ্ঞাৰ ফলত চীন-পাকিস্তানৰ সম্পৰ্কত কেনেদৰে প্ৰভাৱ পৰে সেয়া হ’ব লক্ষ্যণীয় ।

Exit mobile version