মোদীৰ খঙতে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা মোদীৰ

WhatsApp Image 2020 10 19 at 6.18.47 PM

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰা নাই । সেয়ে এইবাৰ বিহাৰ বিধান সভা নিৰ্বাচনত বিজেপিৰ মিত্ৰদল জেডিইউৰ বিৰুদ্ধেই প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’ল মোদী । আচলতে এইজন মোদীক হঠাৎ দেখিলে মানুহে প্ৰধানমন্ত্ৰী মোদী বুলিয়েই ভুল কৰিব । চেহেৰাত সাংঘাতিক সাদৃশ্য থকাৰ বাবেই তেওঁ ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে ।

প্ৰকৃত নাম অভিনন্দন পাঠক যদিও পৰিচিতসকলে তেওঁক ‘নকল মোদী’, গৰীবৰ মোদী’, ‘ছোট মোদী’ আদি নামেৰেই মাতে । বক্তৃতাও দিয়ে প্ৰধানমন্ত্ৰীৰ শৈলীত । সেই মোদীয়েই এইবাৰ বিহাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে । প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবে এসময়ৰ মোদীৰ পৰম ভক্তজন এতিয়া খৰ্গহস্ত হৈ তেওঁ প্ৰতিদ্বন্দিতা কৰিছে বঞ্চিত সমাজ পাৰ্টিৰ প্ৰাৰ্থীৰূপে গোপালগঞ্জ জিলাৰ হাথয়া বিধান সভা সমষ্টিৰ পৰা ।

পাঠকে কয় এই অঞ্চলটো উন্নয়নৰ পৰা অনেক দূৰত আছে । সেয়ে তেওঁ ইয়াৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে । এই নিৰ্বাচনত ‘নকল মোদী’ৰ প্ৰধান প্ৰতিদ্বন্দী হ’ব নীতিশ কুমাৰ চৰকাৰৰ সমাজ কল্যাণ দপ্তৰৰ মন্ত্ৰী ৰামসেৱক সিঙৰ বিৰুদ্ধে । এই ‘নকল মোদী’য়ে পূৰ্বেও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল ।

২০১৪ ত তেওঁ মোদীৰ হৈ প্ৰচাৰত নামি তেওঁ দৃষ্টি আকৰ্ষণ কৰিছিল । কিন্তু মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত পাঠকৰ মোহভংগ হয় । সেয়ে ২০১৯ ৰ লোকসভা নিৰ্বাচনত তেওঁ স্বয়ং মোদীৰ বিৰুদ্ধেই নিৰ্দলীয় প্ৰাৰ্থীৰূপে বাৰানসী সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছিল ।

Exit mobile version