বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰী গাঁও পঞ্চায়তত চৰকাৰী আঁচনিৰ কামৰ ৰূপায়ণত ব্যাপক দুৰ্নীতি

WhatsApp Image 2020 10 22 at 12.22.06 PM

বঙাইগাঁও জিলাৰ ডাংতল খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ নৰ্থ বইটামাৰী গাঁও পঞ্চায়তত চলিছে চৰম অৰাজকতা ৷ পঞ্চায়তখনৰ প্ৰতিনিধি, সচিব আৰু অভিযন্তাই দুজন ভেণ্ডৰৰ লগত মিলি এফালৰ পৰা লুট পাত আৰম্ভ কৰিছে ৷ পঞ্চায়তখনত প্ৰতিটো কামেই অতি নিম্ন মানৰ কাম কৰি এফালৰ পৰা সৰকাই গৈছে চৰকাৰী ধন ৷

বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা খাতুন আৰু ডাংতল খণ্ড উন্নয়ন বিষয়া কিশোৰ কলিতাৰ নেতৃত্বতেই জিলা খনৰ প্ৰতিটো পঞ্চায়তে পঞ্চায়তে চলিছে চৰকাৰী ধনৰ অবাধ হৰলুকিৰ লগতে চৰকাৰী আঁচনিৰ ৰূপায়নত ব‍্যাপক দুৰ্নীতি, নিম্নমানৰ কামৰ অভিযোগ, খেলিমেলি, কেলেংকাৰী আদি ৷

বইটামাৰী পঞ্চায়ত চৰকাৰী আচঁনিৰ কাম প্ৰায় পাঁচ লাখ ব্যয়ৰে নিৰ্মাণ কৰি থকা যদিও পাঁচ ইঞ্চি গাঁথনিৰে কৰাৰ বাবে অতি নিম্ন মানৰ হোৱাৰ বাবে স্থানীয় দুজন যুৱকে প্ৰতিবাদ কৰাৰ বাবে ৰোষত পৰিছে পঞ্চায়ত আৰু চৰকাৰ ৷ ইফালে যুৱক দুজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰি জেললৈ প্ৰেৰণ কৰাক লৈ উত্তপ্ত হৈছে পঞ্চায়তৰ ভিতৰ চ’ৰা ৷

সম্প্ৰতি এই সন্দৰ্ভত উচিত তদন্তৰ দাবী কৰাৰ লগতে সকলো কাম কাজ সঠিক মতে কৰাৰ দাবী কৰিছ স্থানীয় ৰাইজে ৷ উল্লেখযোগ্য যে দুৰ্নীতিৰ ক্ষেত্ৰত শূন‍্য সহনশীল নীতি গ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে পঞ্চায়ত সমূহত সংঘটিত হোৱা দুৰ্নীতি ৰোধৰ বাবে কোনো বিশেষ ব‍্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

Exit mobile version