সুদীৰ্ঘ ছমাহ পিছত সন্ধানহীন পুত্ৰক ঘূৰাই পালে পিতৃ-মাতৃয়ে

IMG 20201022 WA0012

সুদীৰ্ঘ ছমাহ পিছত হেৰাই যোৱা পুত্ৰক ঘূৰাই পালে এগৰাকী মাতৃয়ে । পুত্ৰৰ মুখ দেখিয়েই পিতৃ-মাতৃ উচুপি উঠে । উল্লেখ্য যে তলাবন্ধৰ সময়ছোৱাত ১৪ মে’ত বৰপেটা আৰক্ষীয়ে উদ্ধাৰ কৰা আবুল হুছেইন নামৰ গৰাকীবিহীন শিশুটিক জিলা শিশু কল্যাণ সমিতি, জিলা সমাজ কল্যাণ বিভাগৰ উমৈহতীয়া প্ৰচেষ্টাত বৰপেটা জিলাৰ ভৱানীপুৰৰ সমীপৰ কঁহৰাস্হিত বেচৰকাৰী সংস্থা তৰুণ সংঘৰ দ্বাৰা পৰিচালিত চাইল্ড কেয়াৰ ইনষ্টিটিউটক গতাই দিয়ে ।

তাৰপিছৰে পৰা তৰুণ সংঘ আৰু চাইল্ড কেয়াৰ ইনষ্টিটিউটৰ অধীক্ষক নাজিজুৰ ৰহমান আৰু সংঘৰ সদস্য ছলিম উদ্দিন খানে শিশুটিক লগত লৈ যোৱা ২৬ আগষ্টত পুৱা ১০ বজাত জাৰাবাৰী চাৰিআলিত উপস্থিত হয়। ইয়াৰ লগতে শিশুটিৰ ফটো তুলি সামাজিক মাধ্যমত প’ষ্ট কৰে । ইপিনে, যোৱা মে’ মাহৰ প্ৰথম ভাগতেই বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষীথানাৰ অন্তৰ্গত খুৰ্ছামাৰী গাঁৱৰ অতি দৰিদ্ৰ ৰহিম আলী আৰু তেওঁৰ পত্নীয়ে হেৰুৱা সন্তানক বিচাৰি ফুৰে যদিও সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল ।

বুধবাৰে হঠাৎ দিনৰ ২ বজাত পৰিয়ালৰ লোকে ফেচবুকৰ প’ষ্টত শিশুটিৰ ফটো প্ৰত্যক্ষ কৰি উল্লেখ থকা নম্বৰত যোগাযোগ কৰি কঁহৰাত উপস্থিত হয় । ফেচবুক প’ষ্টৰ জৰিয়তে ছমাহৰ পিছত হেৰুওৱা সন্তানক পুনৰ ঘূৰাই পোৱাৰ আনন্দত হুকহুকাই কান্দি উঠে পিতৃ-মাতৃ ।

পিছত চি চি আইৰ অধীক্ষক নাজিজুৰ ৰহমানে বুধবাৰে সন্ধিয়া সৰুক্ষেত্ৰীৰ সমাজকর্মী মনিৰুজ জামান, সংবাদকর্মী আবু নাছিৰ আলম, জিলা সুৰক্ষা সমিতিৰ কর্মী ইয়াছিন আলীৰ উপস্থিতিত আইনী প্ৰক্ৰিয়া সম্পন্ন কৰি শিশুটিক পিতৃ-মাতৃৰ হাতত অৰ্পণ কৰে । আনহাতে, হেৰুওৱা পুত্ৰক ঘূৰাই পোৱাৰ পাছত শিশুটিৰ পিতৃ-মাতৃ তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হোৱাৰ লগতে মনিৰুজ জামান, আবু নাছিৰ আলম, নাজিজুৰ ৰহমানক ধন্যবাদ জনায় ‌ ।

Exit mobile version