পৰিৱৰ্তন ঘটিছে হিমালয়ৰ চিত্ৰৰ, হ্রাস পাইছে উচ্চতা । ইয়াৰ সমান্তৰালকৈ ক্ৰমাৎ আঁতৰি গৈছে হিমালয় পর্বতমালা । বহু আগৰে পৰাই এনে তত্ত্ব প্রমাণস্বৰূপে উঠি আহিছে । এইবাৰ হিমালয়ৰ ভূ-প্রকৃতিগত পৰিৱৰ্তনৰ কাৰণৰূপে বিজ্ঞানীসকলে দায়ী কৰিলে বৃষ্টিক । বিজ্ঞানীসকলৰ মতে, ধাৰাৰ বৰষুণে ক্ৰমাৎ ঠেলি নিব পাৰে পর্বতমালাক । নেপাল আৰু ভূটানজুৰি বিস্তৃত হিমালয়ৰ বিস্তীর্ণ অংশৰ ভূমিস্খলনৰ ধৰণ নিৰীক্ষণ কৰি, এই ক্ষেত্ৰত গৱেষণা কৰিয়েই ভূ-বিজ্ঞানীসকলৰ এটা অংশই এই দাবী কৰিছে ।
সম্প্রতি ‘ছায়েন্স এডভান্সেছ’ নামৰ আন্তর্জাতিক পত্রিকাখনত প্রকাশিত এক প্রতিবেদনত এই তত্ত্ব উঠি আহিছে । ইংলণ্ডৰ ব্রিস্টল বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এৰিজ’না ষ্টেট ইউনিভাৰ্চিটি আৰু লুইজিয়ানা ষ্টেট ইউনিভাৰ্চিটিৰ স’তে একত্ৰিত হৈ হিমালয়ৰ ভূমিস্খলনক লৈ গৱেষণা চলাইছিল ।
এই গৱেষণাৰ মূল লক্ষ্য আছিল হিমালয়ৰ জন্মবৃত্তান্ত অর্থাৎ প্লেট টেকনিক সঞ্চালনৰ ওপৰত বতৰ পৰিৱর্তনৰ কেনে প্রভাৱ, তাৰ উত্তৰ বিচৰা । ইয়াৰ বাবে বিজ্ঞানীৰ দলটোৱে প্ৰধানকৈ নেপাল আৰু ভূটানৰ অংশকে বাচি লয়। কিয়নাে সেই অঞ্চলৰ ভূ-প্রকৃতিয়েই সাম্প্রতিককালত বেছিকৈ পৰিৱৰ্তিত হৈছে।
বিশেষকৈ দেশ দুখনৰ মধ্য আৰু পূর্বাঞ্চল সমান্তৰালকৈ ভূমিৰ প্রকৃতি বিচাৰ কৰি চোৱা হয় । গৱেষণাৰ সন্দৰ্ভত গৱেষকৰ দলটোৰ প্ৰধান ড° বাইন এডামছে কয়, “নেপাল আৰু ভূটানৰ পার্বত্য অঞ্চলৰ ভূমিস্খলনৰ ধৰণ চাই লেবত এটা মডেল তৈয়াৰ কৰা হৈছিল । তাৰ ওপৰতে যাৱতীয় পৰীক্ষা চলে । ক্ষয়ৰ হাৰ কিমান, সেই হিচাপ কৰা হয় ।”
প্রধানকৈ গাণিতিক পদ্ধতি ব্যৱহাৰ কৰিয়েই বিজ্ঞানীসকলে এই উত্তৰ বিচৰাৰ চেষ্টা কৰিছিল । বৰষুণ হলে ক্ষয়ৰ হাৰত কিমান পৰিৱৰ্তন হয়, সেয়াও অংক কৰি বাহিৰ কৰা হৈছে । জনা গৈছে যে সমতলীয় অংশৰ তুলনাত পার্বত্য অংশৰ মাটিৰ ক্ষয় তুলনাত বেছি । সেয়াই পর্বতমালা আঁতৰি যােৱাৰ অন্যতম কাৰণ বুলি গণ্য কৰা হৈছে ।
একাংশ বিশেষজ্ঞৰ মতে, গৱেষণাত উঠি অহা এই নতুন তত্ত্ব যে কেৱল হিমালয় পর্বতমালাৰ ক্ষেত্রতে প্রযােজ্য, সেয়া নহয় । বৰঞ্চ ইয়াৰ ওপৰত ভিত্তি কৰি হেজাৰ, লাখ বছৰ ধৰি পার্বত্য অঞ্চলৰ ভূ-প্রকৃতিৰ কাৰণৰ সন্ধানৰ পথৰে আগবাঢ়িব পৰা যাব । আনকি পাহাৰী খাদ, উপত্যকা তৈয়াৰ, নদীৰ গতিপথ সলনি আদি বিষয়বােৰৰ উত্তৰাে হয়তাে বৰষুণৰ টোপালতে নিহিত হৈ আছে । সেই দিশৰ পৰা এই গৱেষণা পথ প্রদর্শক হ’ব পাৰে বুলি একাংশ বিশেষজ্ঞই গণ্য কৰিছে।