“এইবাৰৰ শাৰদীয় অনুভৱ মিশ্রিত বুলিয়ে ক’ব লাগিব। কাৰণ সৰুৰে পৰাই আমি শাৰদীয় দুর্গোৎসৱ বুলি ক’লে এমাহমান আগৰ পৰাই প্রস্তুত হওঁ । পূজাত কি কৰিম, কি কাপােৰ কিনিম, পৰিয়ালৰ স’তে কেনেদৰে পূজাৰ দিনকেইটা উপভােগ কৰিম, তাক লৈয়ে ব্যস্ত থকা যায়। দুর্গা পূজা বুলি ক’লে ধর্মীয় দৃষ্টিকোণৰ পৰা যি ধৰণৰ অনুভূতি হয়, সেয়া মনলৈ অহাটো স্বাভাৱিক। অৱশ্যে সমগ্র বিশ্বজুৰি চলি থকা কৰ’না আতংকৰ বাবে এইবাৰ মনত কিছু আতংকৰাে সৃষ্টি নােহােৱাকৈ থকা নাই। কাৰণ আনবাৰৰ দৰে এইবাৰ আমি মুকলি মনেৰে পূজাস্থলীলৈ যাব নােৱাৰিম বাবে অলপ হ’লেও বেয়া নলগাকৈ থকা নাই। পূজাত দেৱীৰ ওচৰত প্রার্থনা জনাম যাতে পৃথিৱীৰ পৰা সােনকালে কৰ’না আতংক আঁতৰি যায় । সমাজখনত দেখা দিয়া অপশক্তিৰ যাতে বিনাশ হয় তাৰ বাবে দেৱীৰ ওচৰত প্রার্থনা জনাম । আতংকৰ অৱসান ঘটাই সকলােকে এই সমাজখনত একেলগে মিলাপ্ৰীতিৰে থাকিবলৈ যাতে দেৱীয়ে । প্ৰতিগৰাকী ব্যক্তিক মানসিকভাৱে সবল কৰি তােলে, তাৰ বাবে দেৱীক প্রার্থনা জনাম। আতংকৰ মাজতে প্ৰতিটো ক্ষণতে ধর্মীয় দৃষ্টিকোণৰ পৰা থকা অনুভূতি জাগ্ৰত হৈ আছে।
“বিশেষ কোনাে কার্যসূচী গ্রহণ কৰা নাই। অৱশ্যে মহাষ্টমীৰ দিনাখন দেৱীৰ ওচৰত সেৱা জনাম। দুপৰীয়া যিকোনাে এখন পূজালৈ গৈ সেৱা জনাম। চিকিৎসক হিচাপে আমি সদায় ৰােগীৰ স’তে ব্যস্ত থাকিব লাগে । এই মানৱ সেৱাও আমি পূজাৰ কেইদিনততা অব্যাহত ৰাখিবই লাগিব।”
আমাৰ দুর্গোৎসৱৰ বন্ধ বুলি কোনাে কথা নাই। সদায় চিকিৎসালয়লৈ অহাৰ দৰেই আহি থাকিব লাগিব। অৱশ্যে ইয়াৰ মাজতে সময় উলিয়াই অষ্টমী নৱমী পূজাৰ দুদিন পৰিয়ালৰ সদস্যসকলৰ স’তে সময় অতিবাহিত কৰিম । তদুপৰি বন্ধু-বান্ধৱী তথা নিকট আত্মীয়ৰ স’তেও কিছু সময় কটাম বুলি ভাবিছো ।”