“সম্প্ৰতি ৰাজ্যৰ কৰ’নাৰ ভয়াবহ সংক্ৰমণৰ মাজতে পালন কৰা হ’ব শাৰদীয় উৎসৱ দুৰ্গাপূজা । আগৰ তুলনাত এইবাৰ পূজা পালন হ’ব পৃথক । চৰকাৰী নিৰ্দেশ অনুসৰি মাস্ক পৰিধান কৰি পূজাস্থলীসমূহত ভক্তসকলে পূজা কৰিবলৈ আহিব । পৰম্পৰা ৰক্ষাৰ বাবে পূজা কৰিবই লাগিব । সাম্প্ৰতিক সময়ত ইতিমধ্যে এটা শ্ৰেণীৰ লোকৰ মাজত বিভ্ৰান্তিমূলক পৰিস্থিতিৰ সৃষ্টি হৈছে । ইয়াৰ উপৰিও বিভিন্ন দল সংগঠনে ডাঙৰ ডাঙৰ সভা পাতিছে কিন্তু পূজাত বিশাল আয়োজন কৰিব নোৱাৰিব বুলি সকীয়াই দিছে ৷ তথাপি এই ভয়াৱহতাৰ মাজতে ক’ভিড প্ৰট’কল মানি চলি পূজা কৰিব বুলি সকলোৰে প্ৰতি এটা বিশ্বাস আছে ।”
“এইবাৰৰ প্ৰস্তুতি আগৰদৰে নাই । কিন্তু জনসাধাৰণৰ মাজত সজাগ সৃষ্টি কৰিব বিচাৰিছো । যিহেতু মই গাঁও অঞ্চলৰ লগতে নেপালী সম্প্ৰদায়ৰ । সেয়েহে পূজা বিশেষ আমাৰ কিছুমান পৰম্পৰাগত নীতি নিয়ম আছে । সেই নিয়মক সন্মান আৰু শ্ৰদ্ধা জনাই যিমান সম্ভৱ ক’ভিড প্ৰট’কল মানি চলি তাৰ কাৰণে প্ৰস্তুতি চলাই আছো । লগতে পূজাৰ বন্ধ এইবাৰ পৰিয়ালৰ লগতে উদযাপন কৰিম। পূজাৰ বন্ধৰ সময়ছোৱাত বিশেষ কাৰ্যসূচী হাতত লোৱা নাই যদিও অঞ্চলৰ লোকক লগ কৰি সৰু আলোচনাত মিলিত হ’বৰ বাবে প্ৰস্তুতি চলাইছো ৷
।
আনহাতে পূজাৰ সময়ছোৱাৰ আশে পাশে কে’বাটাও ৰাজনৈতিক দল গঠন হয় ৰাজ্যত । নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলসমূহক ৰাজনৈতিক পথাৰখনলৈ আগমন ঘটাৰ বাবে ব্যক্তিগতভাৱে শুভেচ্ছা জনাইছো। তেওঁলোকে অসমীয়া জাতীয় জীৱনৰ বাবে মাত মাতক। খিলঞ্জীয়া, বিভিন্ন জাতি জনজাতি আৰু সমূহ বৰ্ণৰ বাবে মাত মাতক । ভৱিষ্যতে ৩৫ বছৰৰ পাছত যাতে পুনৰ নতুন ছাত্ৰ সংগঠনে কোৱাৰ প্ৰয়োজন নহওঁক যে, এই দলটোৱে অসমীয়াক প্ৰতাৰণা কৰিছে । যিমান পাৰে শক্তিশালী ৰূপত গঢ় দি অসমীয়াৰ আৱেগ অনুভূতিক শ্ৰদ্ধা জনাই অসমীয়াৰ চিন্তাচর্চা বোৰক নিজৰ কণ্ঠ হিচাপে লৈ কাম কৰক।
যদি তেওঁলোকে অসমীয়াক অৰ্থনৈতিক দিশকে ধৰি সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক দিশত আগুৱাই নিম ভাবিছে তেন্তে পূজাৰ সময়ছোৱাত সম্পূৰ্ণ কৰিব নোৱাৰা কামসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰক । কিয়নো ছমাহ পাছতে নিৰ্বাচন সমাগত। ইপিনে, প্ৰায় ছমাহতকৈ অধিক সময় ৰাজ্যত অব্যাহত থকা তলাবন্ধৰ বাবে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত কিছু ইতিবাচক প্ৰভাৱ পৰিছে । সেয়ে সকলোকে এইবাৰ শাৰদীয় দুৰ্গোৎসৱত ক’ভিড প্ৰট’কল মানি চলি প্ৰাকৃতিক সৌন্দৰ্যৰ স’তে পূজা উপভোগ কৰিবলৈ আহ্বান জনাইছো ৷