চিৰাঙত দশমীৰ দিনা শান্তিপূৰ্ণ ভাৱে সমাপ্ত হ’ল দেৱী বিসৰ্জন

WhatsApp Image 2020 10 26 at 5.22.13 PM

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে চিৰাং জিলাতো আজি উদযাপন কৰা হয় দশমী । আজি জিলাখনৰ শতাধিক পূজা কমিটিয়ে বিয়লি ১ বজাৰ পিছতে দেৱী বিসৰ্জনৰ কাৰ্যসূচী আৰম্ভ কৰে । চৰকাৰী নিৰ্দেশ মানি জিলাখনৰ শতাধিক পূজা কমিটিয়ে বিয়লি ১ বজাৰ পৰা আৰম্ভ কৰি ৫ বজাৰ পূৰ্বেই বিসৰ্জনৰ কাৰ্যসূচী সামৰে ।

জিলাখনৰ ডাংতল, ছিদলী, বাসুগাঁও, ৰুনিখাতা, পানবাৰী, আমগুৰি, বিজনী আদি ঠাইত জিলা প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা আৰু ক’ভিড নীতি-নিয়ম মানি চলি শান্তিপূৰ্ণভাৱেই বিসৰ্জন সমাপ্ত কৰে ।

আনহাতে, অন্য বছৰৰ তুলনাত এইবাৰ ক’ভিড নীতি-নিয়ম অনুসৰি পূজা কমিটিসমূহে জনসমাগম কম কৰাৰ লগতে জিলা প্ৰশাসনৰ তত্বাৱধানত শান্তিপূৰ্ণভাৱেই নিৰ্দিষ্ট সময়ৰ ভিতৰত দশমীৰ বিসৰ্জন প্ৰক্ৰিয়া সমাপ্ত কৰে ।

Exit mobile version