সংগ্ৰহালয় বিতৰ্কৰ আঁৰত

Sherman Ali Ahmed

ৰাজ্যৰ চৰ-চাপৰিৰ বাসিন্দাসকলৰ সংস্কৃতি-ঐতিহ্য দাঙি ধৰাৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটি সংগ্রহালয় স্থাপনৰ বাবে বিধানসভাৰ স্থায়ী সমিতিয়ে দিয়া প্রস্তাৱ সদনে গ্ৰহণ কৰাৰ সুদীর্ঘ সাতমাহৰ পাছত এই বিষয়টোক লৈ মিশ্রিত প্রতিক্রিয়াৰ সৃষ্টি হৈছে । যােৱা ২৪ মার্চতে অসম বিধানসভাই অনুমােদন দিয়া এই সংগ্ৰহালয়ৰ স্থাপনৰ প্ৰস্তাৱক লৈ শাসক-বিৰােধী উভয় শিবিৰত ভিন্ন মতৰ সৃষ্টি হৈছে।

সম্প্রতি বিধানসভাৰ উক্ত অনুমােদনমর্মে এই ক্ষেত্ৰত শীঘ্ৰে কার্যব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকলৈ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে এক পত্র প্ৰেৰণ কৰাৰ পাছতে বিষয়টোক লৈ বিতর্ক সূত্রপাত ঘটে ।

এই সম্পর্কত বাঘবৰৰ বিধায়ক আলীয়ে কয়, ‘গােটেই বিষয়টোক বিজেপিয়ে এতিয়া টুইষ্ট কৰি অন্য ধৰণে প্ৰচাৰ চলাইছে। যােৱা ২৪ মার্চত মই দিয়া প্রস্তাৱটো বিধানসভাই অনুমােদন দিছিল । ইমান দিনে কিয় তেওঁলােক মনে মনে আছিল? অসম চৰকাৰৰ হৈ মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্রহালয় স্থাপন কৰিবলৈ দিয়া নহ’ব বুলি ঘােষণা কৰিছে । বিধানসভাই অনুমােদন দিয়াৰ পাছতাে কি কাৰণত সংগ্রাহলয় স্থাপন কৰিবলৈ দিয়া নহ’ব তাৰ লিখিত নির্দেশ মােক দিব লাগিব। বিধানসভাত সেই নির্দেশ দাখিল কৰিব লাগিব । তেওঁলােকে জনা উচিত যে বিধানসভাই অনুমােদন দিয়া সিদ্ধান্ত এটা ফু-মাৰি উৰাই দিয়া বস্তু নহয় । দৰাচলতে তেওঁলােকে নির্বাচনৰ আগমুহূর্তত পানী ঘােলা কৰিব বিচাৰিছে ।’

আনহাতে, প্ৰস্তাৱটোৰ অন্তৰালৰ উদ্দেশ্যৰ সন্দৰ্ভত বিধায়ক আলীয়ে আত্মপক্ষ সমর্থন কৰি কয় যে অসমৰ চৰ-চাপৰিত ৭০-৮০ লাখ লােকে বাস কৰে । তেওঁলােকে নিজকে অসমৰ অসমীয়া বুলি পৰিচয় দি আহিছে । তেওঁলােকৰ নিজা সংস্কৃতি আছে বুলি উল্লেখ কৰি আলীয়ে কয়, মই প্ৰস্তাৱটোত চৰ-চাপৰিৰ লােকসকলৰ বাবে এটা সংগ্রহালয় স্থাপন কৰিব লাগে বুলি কৈছিলাে । সংগ্রহালয়টোৰ নাম হ’ব লাগে মিঞা সংগ্রহালয় । বহুতে এই কথাটোত কিয় জাঙুৰ খাই উঠিছে বুজা নাই । প্রতিক্রিয়া ব্যক্ত কৰাসকলৰ মূল কথাটো হ’ল যে চৰ-চাপৰিত সন্দেহজনক, বিদেশী মানুহ আছে । যদি আছে তেনেহ’লে তেওঁলােকক খেদি দিয়ক । তাৰ বাবে আইন আছে। গতিকে বাংলাদেশী আৰু সন্দেহজনক মানুহবােৰক খেদাত কোনাে বাধা নাই।

বিধানসভাৰ উক্ত অনুমােদনক প্রত্যাহ্বান জনাই অসম চৰকাৰৰ হৈ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘােষণা কৰে যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্রহালয় স্থাপনৰ অনুমতি দিয়া নহ’ব। বিধানসভাৰ সমিতিৰ অনুমােদনৰ ফাইল যিটো আলমাৰীত আছে, সেইটো তাতেই আবদ্ধ হৈ থাকে । ইয়াৰ বিপৰীতে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কৌশলপূর্ণভাৱে মন্তব্য কৰে যে মহাপুৰুষ দুজনাৰ যি আদর্শৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র স্থাপন হৈছিল সেই আদর্শ জীয়াই ৰাখিবলৈ ভক্তিভাবেৰে তেওঁলােকে কাম কৰি যাব । সেই আদর্শনাে কি?

এই প্রশ্নৰ আঁত ধৰি অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই কয়, সকলাে জাতি-জনগােষ্ঠীক লৈ বৰ অসম সৃষ্টিৰ আদৰ্শ আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ । মহাপুৰুষজনাৰ আদর্শ সুউচ্চ আৰু সুবিশাল। বৰায়াে বিধানসভাৰ স্থায়ী সমিতিয়ে শ্বেৰমান আলী আহমেদ প্রস্তাৱটোত অনুমােদন জনােৱা স্থায়ী সমিতিত বিজেপিৰেই ছজন সদস্য থকা বুলি আঙুলিয়াই দিয়ে । নিজে অনুমােদন দিয়া এটা সিদ্ধান্ত নিজে এতিয়া বিৰােধিতা কৰা বুলিও বৰাই বিজেপিক সমালােচনা কৰে ।

তদুপৰি তেওঁ কয় যে বিধানসভাৰ অনুমােদনৰ প্ৰস্তাৱটোত চৰ-চাপৰিত বাস কৰা লােকৰ সংস্কৃতি প্রতিফলিত কৰাৰ বাবেহে এটা সংগ্রহালয় স্থাপনৰ বিষয় উল্লেখ আছে। প্রস্তাৱটোত মিঞা সংগ্রহালয় বুলি কোনাে উল্লেখ নথকাৰ কথা তেওঁ দাঙি ধৰে । মিঞা সংগ্রহালয় নাম দিয়াটো বিধায়ক আলীৰ এক ব্যক্তিগত প্রস্তাৱ বুলিও বৰাই কয়।

আনহাতে, অসম বিধানসভাৰ বিৰােধী দলপতি দেৱব্ৰত শইকীয়াই বিজেপিয়ে মিঞা সংগ্ৰহালয়ৰ নামত অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য কৰে । শইকীয়াই কয় যে বিধানসভাই অনুমােদন দিয়া প্রস্তাৱটোত সংগ্রহালয় স্থাপনেৰে চৰ-চাপৰিৰ লােকৰ সংস্কৃতি প্রতিফলিত কৰাৰ কথাহে আছে । মিঞা সংগ্ৰহালয়ৰ কথা উল্লেখ নাই । তেৱোঁ উক্ত প্রস্তাৱটোত অনুমােদন জনােৱা অধ্যক্ষসহ ১৫ জন সদস্যৰ ১০ জনেই শাসক পক্ষৰ আছিল বুলি কয়। তেনে ক্ষেত্ৰত উদ্দেশ্য প্রণােদিতভাৱে বিষয়টোক লৈ বিতর্ক সৃষ্টি কৰি বিজেপিয়ে ৰাজনৈতিক লাভ আদায়ৰ চেষ্টা চলাইছে বুলি মন্তব্য কৰে।

Exit mobile version