চিৰাঙত বিপিএফ এৰি ইউপিপিএল দলত প্ৰাক্তন বিধায়ক সহ বহু নেতাৰ যোগদান

IMG 20201028 WA0040

আজি চিৰাঙ জিলাৰ কাশিকত্ৰাত অনুষ্ঠিত হয় ইউপিপিএলৰ যোগদান সভা । কাশিকত্ৰাস্থিত ইউপিপিএলৰ চিৰাং ব্লক ইউপিপিএলৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত নবীন বসুমতাৰী সহ চিৰাং বিপিএফৰ ৮৭ জন নেতা কৰ্মীয়ে আজি ইউপিপিএল দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ।

দলৰ সভাপতি প্ৰমোদ বড়োৱে আদৰণী জনাই কয় যে বিপিএফ দলৰ নেতৃত্বৰ সংঘাত আৰু দুৰ্নীতিৰ পৰা মুক্তি বিচাৰি আজি বিপিএফ এৰি ইউপিপিএলত যোগদান কৰা প্ৰাক্তন বিধায়ক লবেন বসুমতাৰীক দলটোৰ সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে।

লগতে বিপিএফ দলক সমালোচনা কৰি কয় যে বিপিএফৰ দুৰ্নীতি আৰু অপশাসনৰ পৰা মুক্তি বিচাৰি আজি পৰিৱৰ্তনৰ বাবে বিপিএফৰ বহু নেতা কৰ্মী ইউপিপিএল দলত যোগদান কৰিছে । ইউপিপিএল দলে কেৱল ৰাজনৈতিক পৰিৱৰ্তনৰ কথা কোৱা নাই । সকলো দিশতে পৰিৱৰ্তন কৰিব বিচাৰি আগবাঢ়ি আহিছে । আমাৰ মানসিক পৰিৱৰ্তনৰ প্ৰয়োজন আছে, তেতিয়াহে ৰাজনৈতিক পৰিৱৰ্তন সাৰ্থক হ’ব । সকলো জাতি জনগোষ্ঠীৰ লোকক সম অধিকাৰ আৰু সম মৰ্যদা প্ৰদান কৰি বিটিআৰৰ উন্নতি কৰাই হৈছে ইউপিপিএল দলৰ উদ্দেশ্য ।

আনহাতে, বিপিএফ এৰি ইউপিপিএল দলত যোগদান কৰা প্ৰাক্তন বিধায়ক লবেন বসুমতাৰীয়ে কয় যে যি উদ্দেশ্য লৈ বিপিএফ দল গঠন হৈছিল আজি সেই নীতি আদৰ্শ নাই দলটোত । চন্দন-হাগ্ৰামাৰ ক্ষমতাৰ যুজত বিটিচিবাসী ক্ষতিগ্ৰস্ত হৈছে। সেয়ে নীতি আদৰ্শৰে আগবঢ়া ইউপিপিএল দলত যোগদান কৰাৰ কথা জনায় বিপিএফৰ প্ৰাক্তন বিধায়ক বসুমতাৰীয়ে ।

 

Exit mobile version