সোণৰ প্ৰলেপ দিয়া মিঠাই : উৎসৱৰ বতৰত মিঠাই বজাৰত চমক

Screenshot 33

প্রতি কিলােগ্রামত ন হেজাৰ টকা দামৰ মিঠাইৰে এইবাৰ ‘চাঁদিপদ্ম’ উৎসৱ উদযাপন কৰিছে গুজৰাটবাসীয়ে। সােণৰ প্রলেপ দিয়া ‘ঘাড়ি’ নামৰ এই বিশেষ মিঠাই বিধৰ সােৱাদ লৈছে ৰাজ্যখনৰ বহু বাসিন্দাই । উৎসৱৰ বতৰত মুখ মিঠা কৰাটো ভাৰতত এক পৰম্পৰা । এনে সময়ত সকলােৱে মিঠাই ক্রয় কৰিবলৈ বজাৰত ভিৰ কৰে । উৎসৱৰ বতৰত সেয়েহে গ্ৰাহকক আকর্ষিত কৰিবলৈ প্রতিযােগিতাত অৱতীৰ্ণ হয় মিঠাই বিক্রেতাসকলে । মিঠাইৰ সােৱাদত অভিনৱত্ব আনিবলৈও চেষ্টা চলে।

লগতে পৃথক গঢ়ত মিঠাই বনােৱতাে নতুনত্ব আনা হয় । বহু মিঠাইৰ দোকানে দুটা-তিনিটা মিঠাই সংলগ্ন কৰি ফিউজন কৰাৰ চেষ্টা চলায়। দেশৰ বিভিন্ন প্রান্তত এই প্রক্রিয়া চলি থকাৰ মাজতে কিন্তু চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে গুজৰাটৰ এক মিঠাই বিক্রেতাই । সােণৰ প্রলেপ দি বনােৱা এই মিঠাইৰ দামাে স্বাভাৱিকতে আকাশলংঘী। শৰৎ পূর্ণিমাৰ সময়ত গুজৰাটত চাঁদিপদ্ম উৎসৱ উদযাপন কৰা হয়।

এই উৎসৱত মুখ মিঠা কৰাটো এক পৰম্পৰা । এনে কথা মনত ৰাখিয়ে ৰাজ্যখনৰ মিঠাই দোকানবিলাকত নিত্য নতুন মিঠাই বনােৱা হৈছে। গুজৰাটত জনপ্রিয় মিঠাইবিলাকৰ ভিতৰত ‘ঘাড়ি’ ক্ৰয় কৰিবলৈ সাধাৰণ সময়তাে গ্রাহকৰ অভাৱ নহয়। এই ঘাড়ি মিঠাইত সােণৰ প্রলেপ দি এইবাৰ নতুনত্ব অনাৰ প্ৰয়াস কৰা হৈছে । চুটস্থিত মিঠাই বিক্রেতা ৰােহনে এই প্রয়াসত যথেষ্ট সফল হৈছে ।

সাধাৰণতে গুজৰাটত প্রতি কিলােগ্রাম ঘাড়িৰ দাম ৬৬০ৰ পৰা ৮২০ টকাৰ ভিতৰত; কিন্তু সােণৰ প্রলেপ দিয়াৰ ফলত ইয়াৰ দাম ন হেজাৰ টকা নির্ধাৰণ কৰিবলগীয়া হৈছে । মিঠাই বিক্রেতা ৰােহনে কয়, “এইবাৰ আমি বজাৰলৈ সােণৰ ঘাড়ি আনিছাে । এই মিঠাই যথেষ্ট স্বাস্থ্যকৰ । আয়ুর্বেদত সােণক স্বাস্থ্য ৰক্ষাত ব্যৱহাৰ কৰাত গুৰুত্ব দিয়া হয় । এনে কথাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বর্তমানৰ কৰ’নাকালত  সােণৰ প্রলেপ দিয়া মিঠাই বনােৱা হৈছে ।” অৱশ্যে আশা কৰাৰ দৰে এই মিঠাইৰ বাবে বজাৰত গ্রাহক লাভ কৰা নাই বুলিও জনাইছে  মিঠাই বিক্রেতাজনে ।

ৰােহনে কয়, ‘যিমান আশা কৰিছিলাে মিঠাইৰ চাহিদা তাতকৈ যথেষ্ট কম । অৱশ্যে কৰনাৰ বাবে বজাৰ যথেষ্ট বেয়া হৈ আছিল উৎসৱৰ পূর্বৰে পৰাই । এনে অৱস্থাত ইমান দামেৰে মিঠাই ক্ৰয় কৰিবলৈ আঢ্যৱন্ত গ্রাহকসকলেও আগবাঢ়ি আহিব বিচৰা নাই ।’

Exit mobile version