বিভিন্ন এপৰ খবৰৰ স’তে পঢ়ক “এপ সম্ভাৰ”

ddda7360 b440 4a26 ae29 fcf8bd73341a

■ ট্রু কলাৰ’-এ জনাব ফোন কৰাৰ কাৰণ

জনপ্রিয় কলাৰ আই ডি এপ ট্ৰু কলাৰে এইবাৰ আপােনাৰ ম’বাইল ফোনলৈ অহা প্ৰতিটো কলৰ কাৰণ আগতীয়াকৈ কৈ দিব। ফোনৰ সিটো মূৰে কোন আছে সেয়াতাে জানিবই, লগতে জানিব পাৰিব ব্যক্তিজনে আপােনাক কি উদ্দেশ্যে লৈ ফোন কৰিছে । আচৰিত নহ’ব, সম্প্রতি ট্ৰু কলাৰে এনে এক যাদুকৰী বৈশিষ্ট্য সংযােজন কৰিছে এপটোত । এই বৈশিষ্ট্যৰ নাম দিয়া হৈছে ‘কল ৰিজন ফিচাৰ’ । এই বৈশিষ্ট্য ব্যৱহাৰ কৰিলে আপুনি অজ্ঞাত ফোন নম্বৰ এটাৰ পৰা অহা ফোনকল এটা জৰুৰী হয় নে নহয় সেয়া বিচাৰ কৰি ৰিচিভ কৰাৰ সুযােগ পাব । প্ৰাৰম্ভিকভাৱে অৱশ্যে কেৱল এনড্রইড উপভােক্তাৰ বাবেহে উপলব্ধ হ’ব এই বৈশিষ্ট্য।

■ হােৱাটছ এপৰ নতুন ফিচাৰ

আপােনাৰ দৈনন্দিন জীৱনৰ অন্যতম সংগী হােৱাটছএপত সম্প্রতি সংযােজন হৈছে এক নতুন বৈশিষ্ট্যৰ। অপ্রয়ােজনীয় বা বিৰক্তিকৰ বুলি ভাবিলে আপুনি এতিয়া হােৱাটছ এপৰ যিকোনাে চাটৰ নােটিফিকেচন ‘মিউট’ কৰি ৰাখিব পাৰিব আনির্দিষ্টকাললৈ। পূর্বতে এই সুবিধা আঠ ঘণ্টা, এসপ্তাহ আৰু এবছৰতে সীমাবদ্ধ আছিল ।

■ বাইক চুৰিৰ ভয় নাই, এপে দিব পহৰা

মটৰ চাইকেল, বাইকৰ গৰাকীৰ বাবে সুখবৰ। য়ামাহা নামৰ সংস্থাটোৱে শেহতীয়াকৈ মুকলি কৰিছে ‘য়ামাহা কানেক্ট এক্স’ নামেৰে এক বিশেষ এপ যিয়ে ব্লুটুথ প্রযুক্তিৰ মাধ্যমেদি গৰাকীৰ মটৰচাইকেলখনক অনবৰতে পহৰা দি থাকিব। এই এপটোৰ দ্বাৰা বাইকৰ লােকেশ্বন, ই-লক, হেজার্ড লাইট, ৰাইডিং হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি পার্কিং ৰেকৰ্ডলৈ সকলােখিনি নিজৰ স্মার্টফোনত প্ৰতিটো ক্ষণতে নজৰ ৰাখিব পৰা যাব। বর্তমানে অৱশ্যে য়ামাহাৰ এফ জেড এছ- এফ আই ডার্ক নাইট বি এছ-৬ ভেৰিয়েন্টৰ বাইকসমূহৰহে এই এপ সংযুক্ত কৰা হৈছে।

Exit mobile version