বহু পেচেঞ্জাৰ ৰেল এক্সপ্ৰেছ কৰাৰ সিদ্ধান্ত

Railways Green Mission

কৰ’না ভাইৰাছ আৰু তলাবন্ধৰ ফলত দেশৰ দৰিদ্ৰ তথা নিম্ন আয়ৰ লােকসকল প্রায় সকলাে ফালৰ পৰা বিপর্যস্ত হৈছে। এই লােকসকলৰ জটিলতা আৰু বৃদ্ধি কৰি দেশৰ বহু পেছেঞ্জাৰ ৰেল। এক্সপ্ৰেছ ৰেললৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰেলে। আর্থিক ক্ষতি পূৰণ কৰাৰ লক্ষ্যৰেই ভাৰতীয় ৰেলে এই সিদ্ধান্ত গ্রহণ কৰিছে। কিন্তু ইয়াক দৰিদ্রবিৰােধী আখ্যা দি ৰেলৰ এই কার্যই বিক্ষোভৰ জন্ম দিয়াৰ আশংকা কৰিছে একাংশই।

উল্লেখ্য যে ৰেলব’র্ডে শীঘ্ৰে দেশৰ ৰেলসমূহৰ নতুন সময়সূচী ঘােষণা কৰিব। এই নতুন সময়সূচীতে পূব আৰু দক্ষিণ-পূর্ব ৰেলৰ বহুসংখ্যক পেছেঞ্জাৰ ৰেলক এক্সপ্ৰেছ ৰেললৈ ৰূপান্তৰ কৰা হ’ব। ৰেলব’ৰ্ডৰ তৰফৰ পৰা যুক্তি দর্শোৱা হৈছে যে ইয়াৰ ফলত ৰেলযাত্রা দ্রুততৰ আৰু মসৃণতৰ হ’ব। সমগ্ৰ ৰেলসেৱাত উন্নতি ঘটিব। কিন্তু ৰেলৰে একাংশ প্রাক্তন আৰু বৰ্তমানৰ বিষয়া তথা ৰেল কৰ্মচাৰীয়ে আশংকা কৰিছে যে সেইবােৰ ৰেলৰ শ্ৰেণীগত উন্নয়নৰ ফলত দৰিদ্ৰ আৰু নিম্ন আয়ৰ অসংখ্য লােকে টিকটৰ অতিৰিক্ত মূল্য দিব নােৱৰাৰ ফলত সেই ৰেলসমূহত ভ্ৰমণৰ সুযােগ হেৰুৱাব।

লগতে বিক্ষোভৰাে আশংকা আছে। কিয়নাে এক্সপ্ৰেছলৈ ৰূপান্তৰ হােৱাৰ পাছত সেইবােৰ ৰেল অনেক সৰু ষ্টেচনত ৰখােৱা নহ’ব। এই পৰিৱর্তনৰ তালিকাত আছে পূব ৰেলৰ ১২খন আৰু দক্ষিণ-পূব ৰেলৰ ৩৬খন ৰেল। সেইসমূহৰ মাজতাে কে’বাখনাে জনপ্রিয় তথা অসংখ্য যাত্রীয়ে প্রায় নিয়মিতৰূপে যাত্রা কৰা ৰেলাে আছে। এই তালিকাত আছে পূব ৰেলৰ হাওৰাৰ পৰা জয়নগৰ আৰু মােকামা পেছেঞ্জাৰ, শিয়ালদহৰ পৰা জংগীপুৰ ৰােড, আছানছােলৰ পৰা গয়া আৰু বাৰানসী তথা বর্ধৰ্মানৰ পৰা হাতিয়া পেছেঞ্জাৰৰ দৰে ৰেল; যিসমূহৰ অধিকাংশই হৈছে দৈনিক যাত্রীবাহী ৰেল।

ইফালে, দক্ষিণ-পূর্ব ৰেলৰ সাঁতৰাগাছিৰ পৰা পুৰী, হাওৰাৰ পৰা চক্ৰধৰপুৰ, আদ্রা, ঘাটশিলা, ভদ্ৰকৰ দৰে পেছেঞ্জাৰ ৰেল এই তালিকাত আছে। সেইদৰে উত্তৰ-পূব সীমান্ত ৰেলৰ নিউ জলপাইগুড়িৰ পৰা মালদহ টাউন আৰু ৰঙিয়া, শিলিগুড়িৰ পৰা বামনহাট তথা আলিপুৰদুৱাৰৰ পৰা গুৱাহাটী পেছেঞ্জাৰৰ দৰে ৰেলাে এক্সপ্ৰেছলৈ ৰূপান্তিত হ’ব। ৰেল ব’র্ডে ইতিমধ্যে এই নতুন তালিকাত অনুমােদন জনাইছে।

উল্লেখ্য যে ডিচেম্বৰত ৰেলৰ ‘জিৰাে বেছ টাইম টেবুল’ বা নতুন সময়সূচী প্রকাশ কৰাৰ কথা। দীর্ঘদিনৰ প্ৰচলিত সময়সূচীৰ আমূল পৰিৱৰ্তন কৰি এই নতুন সূচী তৈয়াৰ কৰা বুলি ভাৰতীয় ৰেলে দাবী কৰিছে। ৰেলৰ তৰফৰ পৰা জনােৱা হৈছে যে দেশত এতিয়াও কোনাে নিয়মিত ৰেলৰ চলাচল হােৱা নাই। ফলত কার্যতঃ শূন্যৰ পৰা এই তালিকা তৈয়াৰ কৰা হৈছে। ৰেল চলাচল ব্যৱস্থাত বিলম্ব হ্রাস কৰি দক্ষতা অনাৰ বাবেই এই উদ্যোগ বুলি ৰেলৰ উচ্চপদস্থ বিষয়াসকলৰ দাবী।

তেওঁলােকে জনাইছে যে ৰেলৰ গতি বৃদ্ধি কৰাৰ ফলত যাত্ৰাৰ সময় হ্রাস হােৱাৰ সমান্তৰালকৈ আৰু বেছি ৰেলক স্থান দিব পৰা যাব। লগতে বিভিন্ন যাত্রাপথত ৰেলপথ ৰক্ষণাবেক্ষণৰ সময়ে নির্দিষ্ট হ’ব। ইপিনে, ইয়াতেই প্রশ্ন উত্থাপিত হৈছে যে ইমান বিপুল সংখ্যক পেছেঞ্জাৰ ৰেলক এইদৰে নিশাৰ ভিতৰতে মেইল বা এক্সপ্ৰেছলৈ ৰূপান্তৰিত কৰিলে অসংখ্য যাত্রী যে অসুবিধাৰ সন্মুখীন হ’ব, তাৰ সমাধান কিদৰে হ’ব? অৱশ্যে এই প্রশ্নৰ উত্তৰ দিব পৰা নাই ৰেল বিভাগে। ৰেলকর্মী ইউনিয়নৰ নেতৃত্বৰ মতে, নতুন ব্যৱস্থাৰ ফলত টিকটৰ মূল্য বৃদ্ধি পাব।

ফলত দৰিদ্ৰ আৰু নিম্ন আয়ৰ অসংখ্য লােকে এইসমূহ ৰেলত উঠাৰ অধিকাৰ হেৰুৱাব। ঝাৰখণ্ড, বিহাৰ, ওড়িছা, অসমৰ বিভিন্ন গন্তব্যলৈ যােৱা এনে বহু পেছেঞ্জাৰ ৰেল এক্সপ্ৰেছ ৰেললৈ পৰিৱৰ্তন হােৱাৰ পাছত বিভিন্ন ষ্টেচনত ৰেলসমূহ নৰখাৰ সম্ভাৱনা প্ৰৱল। সেয়ে এই নতুন তালিকা প্রকাশলৈ আহিলে বিক্ষোভ হ’ব পাৰে বুলিও আশংকা কৰিছে এটা মহলে।

এই সন্দৰ্ভত ইষ্টার্ণ ৰেলৱে মেনছ ইউনিয়নৰ সম্পাদক অমিত ঘােষে কয়, “ভাৰতীয় ৰেলে দৰিদ্ৰ আৰু নিম্ন আয়ৰ লােকসকলক নিজৰ পৰিসেৱাৰ পৰা কৰ্তন কৰিব বিচাৰিছে। নতুন পৰিকল্পনাৰ মাধ্যমেৰে ভাৰতীয় ৰেলে আৰু দুহেজাৰ কোটি টকা অতিৰিক্ত উপার্জন কৰিব বিচাৰিছে।

কিন্তু ক্ষতি কমাই আয় বৃদ্ধিৰ এনে পৰিকল্পনাই সংশ্লিষ্ট ৰেলসমূহৰ অস্তিত্বকে বিপন্ন কৰি তুলিব পাৰে বুলিও আশংকা কৰা হৈছে। আনহাতে, নতুন সময়সূচী কার্যকৰী হ’লে আইন-শৃংখলাজনিত সমস্যাৰাে উদ্ভৱ ঘটিব পাৰে বুলি আশংকা কৰা হৈছে। কিয়নাে যাত্রীয়ে ৰেলত উঠিব নােৱাৰিলে প্ৰৱল বিক্ষোভ কৰিব পাৰে বুলি ধাৰণা কৰিছে বিভিন্ন যাত্রী সংগঠনে।

Exit mobile version