প্ৰসংগঃআমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন, নিৰ্বাচনত জয়ী হোৱাৰ দাবী ড’নাল্ড ট্ৰাম্পৰ

sei 50453877 134f

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু জ’ বাইডেনৰ মাজত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গগণা অব্যাহত আছে।ইয়াৰ মাজত ড’নাল্ড ট্ৰাম্পে দাবী কৰে যে ” আমি ইতিমধ্যে জয়ী হৈছো ৷

হোৱাইট হাউচত আমেৰিকাবাসীক সম্বোধন কৰি ট্ৰাম্পে কয় যে নিৰ্বাচনীৰ ফলাফল অভূতপূৰ্বৰূপে প্ৰতিফলিত হৈছে। আমি জয়ী হোৱাৰ পথত। ফ্ল’ৰিডাত আমি ইতিমধ্যে জয় লাভ কৰিছো। জয়ৰ উল্লাহতে বহু লোক বাহিৰলৈ ওলাই আহিছে ৷লগতে ট্ৰাম্পে কয় আমি জয়ী হ’ম আৰু উচ্চতম ন্যায়ালয়লৈও যাম ৷”

ড’নাল্ড ট্ৰাম্পে লগতে কয়”আমি সম্প্ৰতি ভোটদান প্ৰক্ৰিয়া বন্ধ কৰি দিয়াটো বিচাৰিছো। সেয়েহে আমি উচ্চতম ন্যায়ালয়লৈ যাম ৷”ট্ৰাম্পে লগতে কয় “ভোট গণনা অব্যাহত ৰাখি একাংশই বিসংগতি কৰিব পাৰি ৷” আৰু ইয়াৰ লগতে ট্ৰাম্পে সমৰ্থকসকলক সাৱধান হৈ থাকিবলৈ আহ্বান কৰে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় ” এইয়া আমেৰিকাৰ জনতাক এক প্ৰকাৰৰ প্ৰতাৰণা কৰা হৈছে ।আমি নিৰ্বাচনত জয়ী হ’লো ৷এতিয়া আমাৰ লক্ষ্য দেশৰ অখণ্ডতাক সুনিশ্চিত কৰা। গতিকে আমি এতিয়া আমেৰিকাৰ উচ্চতম ন্যায়ালয়লৈ যাত্ৰা কৰিম। আমি সকলোৱে ভোটদান স্থগিত হোৱাটো বিচাৰো।

Exit mobile version