আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনত : ৰাষ্ট্ৰপতি পদৰ নিচেই ওচৰত জ’ বাইডেন

Trump Biden

সমগ্ৰ বিশ্বতে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ চর্চা অব্যাহত আছে । তীব্ৰ প্ৰতিদ্বন্দিতাৰে ডেম’ক্ৰেটিক পদৰ প্ৰাৰ্থী জ’ বাইডেনে ইতিমধ্যে উইচকনচিন আৰু মিছিগানত জয় লাভ কৰিছে, য’ত ৰাষ্ট্ৰপতি পদত জয়লাভৰ বাবে প্ৰয়োজন ২৭০ ইলেক্ট্ৰৰেল ভোটৰ কাষ চাপি জয় লাভত সহায় কৰিব ।

আৰু মাত্ৰ ৬ টা ইলেক্ট্রৰেল ভোটৰ প্ৰয়োজন বাইডেনক। ইয়াৰ বিপৰীতে ডনাল্ড ট্ৰাম্পে লাভ কৰিছে ২১৪ টা ইলেকট্ৰৰেল ভোট । চূড়ান্ত ফলাফল ঘোষণা হ’ব এদিন গণনাৰ পিচতহে ।

আনহাতে, ৰাষ্ট্ৰপতি নিৰ্বাচনত অধিক সংখ্যক ভোট লাভ কৰি জ’ বাইদেনে ইতিহাস ৰচিবলৈ সক্ষম হৈছে । আনকি ২০০৮ ত বাৰাক ওবামাৰ দ্বাৰা নিৰ্ধাৰিত ৰেকৰ্ডক পিছ পেলাইছে । ইয়াৰ মাজতে নিৰ্বাচনৰ গণনাৰ বিৰুদ্ধে ট্ৰাম্পে এক অভিযোগ দাখিল কৰিছে ।

চাওঁ আহক নিৰ্বাচনৰ কিছু শেহতীয়া তথ্য –

■ ট্ৰাম্পে পেঞ্চিলভেনিয়াত ৫০.৭% ভোটেৰে নেতৃত্ব প্ৰদান কৰিছে ।
■ জৰ্জিয়াত ডনাল্ড ট্ৰাম্প আৰু জ’ বাইডেনে সামান্য ব্যৱধানত ভোট লাভ কৰিছে । ট্ৰাম্পে লাভ কৰিছে ৪৯.৭% আৰু বাইডেনে লাভ কৰিছে ৪৯.১% । গণনা প্ৰক্ৰিয়া অব্যাহত আছে ।
■ জ’ বাইডেনে ২৬৪ ইলেক্টৰেল ভোট লাভ কৰাৰ পাছতো জয়ী ঘোষণা কৰিবলৈ বাধা প্ৰদান কৰে।
■ এৰিজ’নাত জ’ বাইডেনৰ ১১ টা ইলেক্ট্ৰৰেল ভোট লাভেৰে বৃহৎ সাফল্য ।

Exit mobile version