পখিলা খেদা বয়সত দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ মৃত্যুৰ স’তে যুঁজিছে ১০ বছৰীয়া এটি শিশুৱে

Screenshot 44

পখিলা খেদা বয়সত এগৰাকী ১০ বছৰীয়া শিশুৱে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে । কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত জাওকাটাদিয়াৰ অতি দৰিদ্ৰ পৰিয়ালৰ শিশুটোৰ উন্নত চিকিৎসাৰ বাবে প্ৰচুৰ ধনৰ প্ৰয়োজন হৈছে । দুৰ্ভগীয়া পৰিয়ালটোৱে শিশুটিৰ চিকিৎসা কৰি সৰ্বস্বান্ত হোৱাত বিবুদ্ধিত হৈ পৰিছে ।  সেয়ে শিশুটিৰ চিকিৎসাৰ বাবে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে পৰিয়ালটোৱে ।

কোনো সদাশয় লোকে যদি শিশুটিক আৰ্থিক সাহাৰ্য কৰিবলৈ আগবাঢ়ি আহে তেন্তে শিশুটিৰ পিতৃ হাইদৰ আলীৰ নামত থকা এছ বি আই বেংকৰ লুকি শাখাৰ একাউন্ট নম্বৰ 38700627456 IFSC – SBIN0007389.ত আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

ইয়াৰ উপৰিও শিশুটিক উন্নত চিকিৎসাৰ বাবে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ “আজমল ফাউণ্ডেশ্বনক সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

Exit mobile version