হিমন্ত বিশ্ব শৰ্মা কৰ’নাৰ ডাক্তৰ , দাদা ছুগাৰ বেমাৰীঃহাগ্ৰামী মহিলাৰী

d261e016 543a 49d7 9717 0ad2b7c747b1

“বিজেপি বিপিএফৰ মিত্ৰতা থাকিলেও হিমন্ত বিশ্ব শৰ্মাই বিপিএফৰ বিৰুদ্ধে ক’ব পাৰে যিকোনো কথা৷ হিমন্ত বিশ্ব শৰ্মাইটো কোৱা নাই বিপিএফ আৰু বিজেপিৰ মিত্ৰতা নাই বুলি ৷এইটো নিৰ্বাচনহে ৷ এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷

আজি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বাক্সাৰ শালবাৰীৰ সাউদৰভিঠাত অনুষ্ঠিত বিপিএফৰ মহিলা সমাৰোহত ভাগ লৈ সাংবাদিকৰ আগত মন্তব্য কৰে “হিমন্ত দাদাই নিজে মিঠা নাখায়,তেওঁ আনক কিয় মিঠা খাব দিছে৷মিঠা খাব দি বিটিচিৰ মানুহক সকলোৰে ছুগাৰ বঢ়াব বিচাৰিছে হিমন্তই৷ হিমন্ত বিশ্ব শৰ্মা দাদা কৰ’না ডাক্তৰ হয়৷

ৰাইজে মিঠা খাব লাগেনে টেঙা খাব লাগে নে তিতা খাব লাগে তেওঁ সকলো জানে৷ হিমন্ত বিশ্ব শৰ্মাই নিজে মিঠা নাখায় আৰু আনক মিঠা খাবলৈ কয়৷পুৱা আৰু আবেলি হিমন্ত দাদাই খোজ কাঢ়ে৷এইটোৱে ইয়াকে বুজায় যে হিমন্ত বিশ্বৰ ছুগাৰ হৈছে৷ লগতে গ্ৰীণ টী খায় হিমন্তই৷হিমন্ত বিশ্ব শৰ্মাৰ বিপিএফ বিৰোধী প্ৰচাৰক হাগ্ৰামাই তিলমানো ভয় নকৰে৷যদি মই ভয়েই কৰিলোহেঁতেন আজি মিটিংত নাহিলোহেঁতেন৷

মুঠতে বিপিএফে বিটিচি নিৰ্বাচনত ২৫ ৰপৰা ৩০ খন আসন লৈ পুনৰবাৰ এশ শতাংশই চৰকাৰ গঠন কৰিব৷ যাৰ ঘৰত ট্ৰেক্টৰ আছে তাৰ ঘৰত নাঙলো আছে৷ট্ৰেক্টৰতকৈ নাঙলৰ ভ্যেলুহে বেছি৷ট্ৰেক্টৰৰ কাম নাই৷ হিমন্তই ট্ৰেক্টৰৰ ঠিকা লৈ এভেইলেবল্ কৰিব বিচাৰিছে৷কিন্তু নোৱাৰে৷কিমানক ট্ৰেক্টৰ দিব৷ হিমন্ত দাদাই ট্ৰেক্টৰৰ চাপ্লাই লৈ আকৌ টকা খাব বিচাৰিছে৷”

বিজেপিয়ে পাম্প দি থকা বাবেই বিপিএফ চলি আছে বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰত হাগ্ৰামাই কয় বিজেপিয়ে পাম্প দি থকা বাবে বিপিএফ চলি থকা নাই৷বিপিএফৰ অক্সিজেন লৈহে বিজেপি জীয়াই আছে,বিপিএফৰ অক্সিজেন ন’ললে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন৷আছুৱে গোটেই অসমত বিজেপিয়ে য’ত যায় তাতেই ক’লা পতাকা দেখুৱায়৷ বিটিচিত বিপিএফে চিংগেল মেজ’ৰিটি পাই চৰকাৰ বনাব৷ ইউ পি পি এল আৰু বিজেপিয়ে মিত্ৰতাৰে নিৰ্বাচন খেলিব বিচাৰিলেও বিটিচিত বিপিএফক ধ্বংস কৰিব নোৱাৰে৷

এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ৷ মহিলাৰীয়ে মহিলাৰ সবলীকৰণ সন্দৰ্ভত আয়োজিত সভাখনত ৰাইজক উদ্দেশ্য কৰি দিয়া ভাষণ প্ৰসংগত কয়-“ হিমন্ত দাদাই(বিশ্ব শৰ্মাই) বিটিচিত ছমাহ ৰাজ্যপালৰ শাসন দিলে কিন্তু আজিলৈ বিপিএফৰ দুৰ্নীতি দেখুৱাব নোৱাৰিলে৷ বিটিচিত দুৰ্নীতি হোৱা নাই৷দুৰ্নীতি হৈছে যদি ৰাজ্য চৰকাৰতহে হৈছে৷এছআই কেলেংকাৰী,এনৰেগা কেলেংকাৰী,এপিএছচি কেলেংকাৰী,পিএনআৰডি কেলেংকাৰী যিমানবোৰ আছে সকলো অসমতেই হৈছে ৷

বিটিচিত যদি দুৰ্নীতিয়েই হৈছে তেতিয়াহ’লে আজিলৈ এজন মানুহকো গ্ৰেপ্তাৰ কিয় কৰিব পৰা নাই বিটিচিৰ পৰা এখন গাঁৱো কৰ্তন নহয় আৰু নতুনকৈও কোনো গাঁও অন্তৰ্ভুক্ত নহয়৷ হিমন্ত দাদাই নিজেই বিটিআৰ চুক্তি কৰি আনিলে৷ বিটিচিত এতিয়াও নিৰ্বাচনী অধিসূচনা জাৰি অব্যাহত আছে৷হিমন্ত দাদাই কালি সেইয়া ভংগ কৰি গাড়ীৰ চাইৰেণ বজাই গ’ল৷তেওঁ নিজেই কোড অৱ কোনডাক্ত ভংগ কৰিছে৷চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা ল’ব লাগে৷

বিটিচিত মুছলিম আৰু বঙালীসকলৰ এনআৰচি আৰু ডি ভোটাৰক লৈ কিছু সমস্যা হৈ আছে৷বাকী সকলো দিশতে উন্নয়ন হৈছে বিটিচিবাসীৰ৷বিটিচিবাসীৰ ভাৰতীয় নাগৰিকত্বৰ ক্ষেত্ৰত কোনো ধৰণৰ হাৰাশাস্তি যাতে নহয় সেইয়া আমি দিল্লী-দিছপুৰত গৈ সমাধান কৰিম৷

আমি সকলোকে ওফৰাই বিটিচিত পুনৰ চৰকাৰ গঠন কৰিম৷” উল্লেখ্য যে শালবাৰী জিলা মহিলা বিপিএফৰ সভানেত্ৰী নিভা বসুমতাৰীৰ পৰিচালনাত অনুষ্ঠিত হোৱা আৰু প্ৰাক্তন এমচিএলএ ৰণজিৎ খেৰকটাৰীয়ে উদ্বোধনী ভাষণ আগবঢ়োৱা সভাখনত শালবাৰী আৰু মথনগুৰি সমষ্টিৰ দুই প্ৰাৰ্থী ক্ৰমে জয় মুছাহাৰী আৰু বেগম আখতাৰা আহমেদ,শালবাৰী জিলা বিপিএফৰ সভাপতি মিলন বড়ো,সম্পাদক প্ৰবীন দাস,বাক্সা জিলা সম্পাদক প্ৰবীন বড়ো,সুপ্ৰিয়াৰাণী বসুমতাৰী,নাৰায়ণী বসুমতাৰী,অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভা আদিয়ে অংশগ্ৰহণ কৰে৷

Exit mobile version