“আমি কৰি দেখুৱালো জ’ “: বিজয়ী ঘোষণাৰ পিছত হেৰিছে এনেদৰে ক’লে বাইডেনক

Kamala harris call to joe biden1604805734604

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক প্ৰাৰ্থী কমলা হেৰিছে জয় লাভ কৰাৰ কিছু সময় পিছতে জ’ বাইডেনৰ স’তে হোৱা এক ফোনকলৰ ভিডিঅ’ শ্বেয়াৰ কৰে ।” আমি কৰি দেখুৱালো জ’ । আপুনি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ’বলৈ গৈ আছে । ” স্পষ্টৰূপত হেৰিছে বাইডেনক কয় এনেদৰে ।

জ’ বাইডেনে শনিবাৰে পেঞ্চিলভেনিয়াত জয় লাভ কৰাৰ পিছতে ২৭০ টা ইলেক্ট্ৰৰেল ভোটত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় । আমেৰিকাৰ ইতিহাসত ৭৪ বছৰীয়া প্ৰাক্তন উপ ৰাষ্ট্ৰপতি গৰাকী মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আটাইতকৈ বয়সস্থ ৰাষ্ট্ৰপতি হ’ব । চিনেটৰ কমলা হেৰিছ প্ৰথম মহিলা, যিয়ে বৰ্ণ বৈষম্যৰ বাধাক জয় কৰি আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হৈছে ।

উল্লেখ্য যে, ড’নাল্ড ট্ৰাম্পৰ স’তে তীব্ৰ প্ৰতিদ্বন্দিতা কৰাৰ সত্বেও বাইডেনে ৱাশ্বিংটন, কেলিফৰ্ণিয়া, কল’ৰাডো, নিউ মেক্সিক’, মিনেচ’টা, উইচকনচিন, মিচিগান, পেনচিলভেনিয়া, নিউয়ৰ্ক, ভাৰমন্ট, নিউ জাৰ্চি, ভাৰ্জিনিয়া, কলম্বিয়া আৰু মেৰিলেণ্ডৰ প্ৰদেশ সমূহত অধিক ভোটত জয় লাভ কৰিবলৈ সক্ষম হয় ।

Exit mobile version