বনবিভাগৰ গাফিলতি :  ৰক্ষকৰূপী বনবিভাগেই কাঠ ব্যৱসায়ীক বিক্ৰী কৰিলে চোৰাং কাঠ 

WhatsApp Image 2020 11 08 at 12.46.18 PM
ৰক্ষকৰূপী বনবিভাগে ললে ভক্ষকৰ ভূমিকা । বনাঞ্চল ৰক্ষাৰ নামত অবৈধ কাঠ ব্যৱসায়ীৰ  ভূমিকা ললে বনবিভাগে । চোৰাং কাঠ ব্যৱসায়ীৰ পৰা ফলা কাঠ‌ জব্দ কৰি বিক্ৰী কৰিলে আন এজন চোৰাং কাঠ‌ব্যৱসায়ীক । পশ্চিম কামৰূপ বনসংমণ্ডল‌ প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ অধীনত সংঘটিত বনবিভাগৰ মুখাৰ আঁৰৰ ভয়ানক ছবি।
যোৱাকালি নিশা বনবিভাগে চোৰাং কাঠৰ বিৰুদ্ধে চলোৱা অভিযানত আব্দুল কায়েম নামৰ চোৰাং কাঠ ব্যৱসায়ীজনৰ পৰা চেগুনৰ স’তে আন বহু ফলা কাঠ জব্দ কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য মতে,  AS25 CC 8771 নম্বৰৰ TATA DIৰে জব্দ কৰা কাঠখিনি অনাৰ ব্যৱস্থা কৰা হৈছিল ।
কিন্তু  আধাবাটতে TATA DIত অনা কাঠখিনি  হাতীপাৰা ফকীৰপাৰাৰ চোৰাং কাঠ ব্যৱসায়ী আফজাল আলীক বিক্ৰী কৰে বন বিভাগে । এই সন্দৰ্ভত  স্থানীয় একাংশ যুৱকে সমগ্ৰ ঘটনাৰ অভিযান চলায় । আনহাতে, কুকুৰমাৰা বন বিভাগৰ বিট অফিচাৰ সঞ্জয় কুমাৰ নাথৰ নেতৃত্বত এই কুকাৰ্য সংঘটিত হয়  ।
Exit mobile version