৭৮ বছৰীয়া দৰাৰ ১৭ বছৰীয়া কইনাঃ ২২ দিনতে বিবাহ বিচ্ছেদ

malay wedding 4

১৭ বছৰ বয়সীয়া কিশোৰীক বিয়া কৰালে ৭৮ বছৰ বয়সীয়া বৃদ্ধাই । প্ৰায় এমাহৰ পূৰ্বে ইন্দোনেছিয়াৰ পশ্চিম জাবা দ্বীপৰ চুবাং অঞ্চলত এই বিয়াখনক লৈ যথেষ্ট হৈ-চৈৰো সৃষ্টি হৈছিল দৰা আৰু কইনাৰ বয়সৰ পাৰ্থক্যক লৈ; কিন্তু বিয়াখনে এটা মাহৰ সময়ো পূৰ্ণ কৰিব নোৱাৰিলে । দাম্পত্য জীৱনৰ ২২ দিনৰ ভিতৰতে বিচ্ছেদ হ’ল নৱ বিবাহিত দৰা-কইনাৰ । যোৱা ৩০ অক্টোবৰত মাহ-হালধিৰ গোন্ধ মাৰ নৌযাওঁতেই বিবাহ বিচ্ছেদৰ আনুষ্ঠানিকা সম্পূৰ্ণ হয় । ৭৮ বছৰ বয়সীয়া বৃদ্ধাজনৰ নাম আবা চাৰণ । ১৭ বছৰীয়া কইনাৰ নাম ননি নভিতা ।

নভিতালৈ বিবাহ বিচ্ছেদৰ পত্ৰখন প্ৰেৰণ কৰিছে আবাই । পত্ৰখন দেখি হতভম্ব হৈ পৰে নভিতাৰ পৰিয়ালৰ লোসকল । কাৰণ দুয়োৰে মাজত কোনো মতভেদো নাছিল । নভিতাৰ ভগ্নী ইয়ানে স্থানীয় সংবাদমাধ্যমৰ আগত এই সন্দৰ্ভত কয়, ‘আমি হতবাক, তেওঁলোকৰ মাজত কোনো মনোমালিন্য নাছিল ।’

আবা চাৰণক লৈও নভিতাৰ পৰিয়ালৰ লোকসকলৰ মাজত কোনো সমস্যা নাছিল বুলিও ইয়ানে জনাইছে । আবা তথা আবাৰ পৰিয়ালৰ পৰাই এই বিয়াক লৈ সমস্যা আছিল কাৰণেই বিচ্ছেদ হ’ল বুলিও জনাই ইয়ানে । বিচ্ছেদৰ পত্ৰ লাভ কৰাৰ পাছত নভিতাই হতাশগ্ৰস্ত হৈ পৰা বুলিও জনাই ইয়ানে ।

ইয়ানে পুনৰ কয়, ‘এই খবৰ লাভ কৰাৰ পাছত পৰৱৰ্তী দিনটোত একো এটা খাদ্য গ্ৰহণ কৰা নাছিল নভিতাই ।’ ইফালে, আবাৰ পৰিয়ালৰ পৰা অভিযোগ কৰা অনুসৰি বিয়াৰ পূৰ্বেই অন্তঃসত্ত্বা আছিল নভিতা; কিন্তু এই অভিযোগ পোনপটীয়াভাৱে নস্যাৎ কৰিছে ইয়ানে । বিয়াখনক লৈ এতিয়াও সৰব চৰ্চা অব্যাহত আছে ।

Exit mobile version