প্ৰসংগঃবিহাৰ নিৰ্বাচন

WhatsApp Image 2020 11 10 at 12.57.17 PM

ক্ৰমাৎ উত্তেজনাৰে ভৰি পৰিছে বিহাৰ নিৰ্বাচনৰ ফলাফল ৷ইয়াৰ মাজতে তেজস্বী যাদৱে চলিত বৰ্ষত নতুন অভিলেখ স্থাপন কৰিব পাৰে । কাৰণ যদি মহাজোঁটবন্ধনৰ চৰকাৰ হয় তেন্তে দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত কনিষ্ঠ হ’ব তেজস্বী যাদৱ।

১৯৮৯ ৰ ৯ নবেম্বৰত জন্ম গ্ৰহণ কৰিছিল তেজস্বী যাদৱে ৷অৱশ্যে ইয়াৰ পূৰ্বে পুডুচেৰীত ২৯ বয়সীয়া MOS ফাৰুক মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। কিন্তু MOS ফাৰুক আছিল কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ।তেওঁ কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী নাছিল ।গতিকে ৩১বয়সীয়া তেজস্বী যাদৱে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিলে তেওঁ দেশৰ কনিষ্ঠ মুখ্যমন্ত্ৰীৰূপে পৰিগণিত হ’ব।

আনহাতে তেজস্বী যাদৱৰ পিতৃ- মাতৃ দুয়োজনেই মুখ্যমন্ত্ৰী আছিল। লালু প্ৰসাদ যাদৱ আৰু ৰাবৰী দেৱীৰ পুত্ৰ তেজস্বী যাদৱে বিহাৰত প্ৰায় ২৪৭ খন নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ লগতে ৪ টা ৰ’ড শ্ব’ত অংশ লৈছিল ।তেজস্বীয়ে এদিনতে ১৯ টা ৰেলী কৰি তেওঁৰ পিতৃ লালু প্ৰসাদ যাদৱৰ অভিলেখ ভংগ কৰিছিল ।

ৰাজনীতিত পৰিপক্ব তেজস্বী এজন সুদক্ষ ক্ৰিকেটাৰো। ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী যিসময়ত দিল্লীৰ কাৰণে খেলি আছিল সেই সময়ত তেজস্বী যাদৱে বিহাৰত আণ্ডাৰ ১৯ ত খেলি আছিল।

Exit mobile version