বিহাৰ বিধানসভা নিৰ্বাচনৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি কয় “বিহাৰে সমগ্ৰ বিশ্বক গণতন্ত্ৰৰ পাঠ পঢ়ালে ৷ আজি বিহাৰে বিশ্বক পুনৰ ক’লে যে গণতন্ত্ৰক কেনেকৈ শক্তিশালী কৰিব পাৰি । বিহাৰৰ দৰিদ্ৰ, মহিলা সকলোৱে ভোটদান সম্পন্ন কৰি নিজৰ সিদ্ধান্ত সকলোৰে আগত সাব্যস্ত কৰিলে ৷
টুইটাৰ যোগে মোদীয়ে কয়”বিহাৰৰ প্ৰত্যেক ভোটাৰে স্পষ্টকৈ প্ৰকাশ কৰিলে যে তেওঁলোক বহু আশাবাদী ৷তেওঁলোকৰ প্ৰাথমিকতা কেৱল মাত্ৰ বিকাশ ৷ বিহাৰত ১৫ বছৰৰ পাছতো NDAক সুশাসনৰ আশীৰ্বাদ লাভ কৰিছে ৷
লগতে মোদীয়ে কয়”বিহাৰ যুৱ প্ৰজন্মই স্পষ্টকৈ প্ৰকাশ কৰিছে যে বিহাৰত এটা নতুন দশক হ’ব। আত্মনিৰ্ভৰশীল বিহাৰত ৰোডমেপ নিৰ্মাণ হ’ব ৷ বিহাৰৰ যুৱপ্ৰজন্মই সামৰ্ আৰু সংকল্পৰে NDA ৰ ওপৰত বিশ্বাস কৰিছে ৷”
বিহাৰৰ মহিলাসকলৰ বিষয়ে মোদীয়ে কয় “বিহাৰৰ মহিলাসকলে এইবাৰ ভোটদান কৰি অভিলেখ সৃষ্টি কৰিছে। তেওঁলোকে প্ৰমাণ কৰিছে যে আত্মনিৰ্ভৰশীল ভাৰত গঢ়াত মহিলাসকলৰ ভূমিকা অসীম । এই আত্ম বিশ্বাসে বিহাৰক নতুন গতি প্ৰদান কৰিব ।”
বিহাৰৰ সকলো জনগণে NDA ৰ “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস”ত বিশ্বাস কৰিছে ৷ মই বিহাৰৰ নাগৰিকসকলক আশ্বাস দিছো যে আমি প্ৰতিজন ব্যক্তিয়ে বিকাশৰ কাৰণে নিৰন্তৰে কাম কৰি যাম ৷” এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ।