কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে পুনৰ দেশৰ আৰ্থিক স্থিতিক লৈ প্ৰধানমন্ত্ৰী মোদীক সমালোচনাৰ কেন্দ্ৰ কৰি লৈছে ।আজি গান্ধীয়ে টুইটাৰ যোগেৰে কয় যে ইতিহাসত প্ৰথমবাৰৰ কাৰণে ভাৰত আৰ্থিক মন্দাবস্থাৰ সন্মুখীন হৈছে ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শক্তিক দুৰ্বললৈ পৰিণত কৰিলে ৷
ৰিজাৰ্ভ বেংকৰ মতে ” ২০২০-২১ ৰ দ্বিতীয় তিনিমাহত আৰ্থিক বিকাশৰ অৱস্থা শোচনীয়। দ্বিতীয় তিনিমাহত GDP ৮.৬শতাংশলৈ ধাৱমান হৈছে। উল্লেখযোগ্য যে ৰাহুল গান্ধীয়ে বিগত বৰ্ষসমূহত বিমুদ্ৰাকৰণ,কৰ’নাৰ কাৰণে দিয়া তলাবন্ধৰ লগতে আৰ্থিক স্থিতিৰ সন্দৰ্ভত চৰকাৰক বিগত দিনসমূহত সমালোচনা কৰি আহিছে।
ৰাহুল গান্ধীয়ে বিমুদ্ৰাকৰণৰ চাৰি বছৰ সম্পূৰ্ণ হওঁতে মোদী চৰকাৰক সমালোচনা কৰি কয়”বিমুদ্ৰাকৰণে দৰিদ্ৰসকলক অত্যাধিক দ্ৰৰিদ্ৰতাৰ গৰাহলৈ লৈ যোৱা আৰু পুঁজিপতিসমূহ আৰু দিনক দিনে উত্তৰণ দিশলৈ যোৱাৰ সুবিধা প্ৰদান কৰিলে বুলি মন্তব্য কৰিছিল ৷” লগতে ৰাহুল গান্ধীয়ে কয় যে কৰ’নাৰ কাৰণে তলাবন্ধও মোদী চৰকাৰে সময়মতে নিদিয়াৰ কাৰণে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ।
লগতে কৰ’নাৰ কাৰণে দিয়া তলাবন্ধৰ কাৰণে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলে যেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল সেয়া সকলোৰে জ্ঞাত। ইয়াৰ লগে লগে দেশৰ আৰ্থিক অৱস্থাও শোচনীয়তাৰ দিশলৈ গতি কৰিছে ।






























