শালবাৰীত ২৩ বিপিএফ-জিএছপি কৰ্মী সমৰ্থকৰ ইউপিপিএলত যোগদান

9e1160f2 78ad 42bf a222 3dd299b51de9

বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বাক্সাৰ শালবাৰী সমষ্টিটো যোগদান পৰ্ব অব্যাহত আছে ৷ উল্লেখ্য যে বিপিএফ,গণ সুৰক্ষা পাৰ্টি(জিএছপি),অবড়ো সংগঠন ত্যাগ কৰি ইতিমধ্যে বহুতেই ইউ পি পি এল দলত যোগদান কৰিছে ৷

সেইদৰে আজিও ইউ পি পি এল দলৰ শালবাৰীস্থিত কাৰ্যালয়ত আজগৰ আলী,ফজলুল হক,আলী হুছেইন,মণিৰুল হুছেইন,আব্দুল খালেক,সৰ্মা বসুমতাৰী,সৰ্বেশ্বৰ মহিলাৰী,ছোকৰী দৈমাৰী,সৰলা তালুকদাৰসহ মুঠ ন গৰাকী বিপিএফৰ কৰ্মী-সমৰ্থকে আনুষ্ঠানিকভাৱে ইউ পি পি এলত যোগদান কৰে ৷

তদুপৰি জইনুদ্দিন,কাছিম উদ্দিন,জহৰ উদ্দিন,প্ৰেমবালা বৰুৱা,জোনাকী বৰুৱা,জ্যোৎস্না তালুকদাৰ,কল্পনা তালুকদাৰ,সুৰদেৱী বৰুৱাকে ধৰি ১৪ গৰাকী গণ সুৰক্ষা পাৰ্টি তথা অবড়ো সুৰক্ষা সমিতিৰ কৰ্মী সমৰ্থকে ইউ পি পি এল দলত যোগদান কৰে ৷

আনহাতে বিপিএফ,জিএছপি,অবড়ো সংগঠন ত্যাগ কৰি ইউ পি পি এল দলত যোগদান কৰাসকলক গামোছাৰে আদৰণি জনায় শালবাৰী সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে ৷

ইপিনে যোগদান কাৰ্যসূচীৰ স’তে সংগতি ৰাখি ইউ পি পি এলৰ শালবাৰী ব্লক সমিতিৰ সভাপতি চক্ৰধৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাৰ্থী বিনোদ মুছাহাৰী,দলীয় নেতা সুধিন বডোচা,কনক চন্দ্ৰ বড়ো,সত্যজিৎ বড়োৱে ভাষণ প্ৰদান কৰে ৷

Exit mobile version