ছয় লাখ চাকিৰে সৰযূৰ পাৰ উজলি উঠিল

52a70168 20d0 42fd a533 148ac160ffcf

দ্বীপান্বিতা উপলক্ষ্যে প্ৰায় ছয় লাখ চাকিৰে উজলি উঠিল ৰাম জন্মভূমি । গোবৰৰে বনোৱা বিশেষ চাকিৰ পোৰত সৰযূ নদীৰ পাৰ দৃষ্টিনন্দন হৈ পৰিল । পূৰ্ব নিৰ্দ্ধাৰিতভাৱে আৰম্ভ কৰা প্ৰস্তুতিৰে কালি সন্ধিয়া সৰযূ নদীৰ পাৰত পাঁচ লাখ ৮৪ হেজাৰ ৫৭২ টা চাকিৰে অযোধ্যাৰ ‘দীপ উৎসৱ’ মহা আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয় । ইমান বৃহৎ সংখ্যক চাকি একে সময়তে উজ্জ্বলাই তোলাৰ পাছত দীপ উৎসৱে গিনিজ বিশ্ব অভিলেখটো নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় ।

প্ৰায় পাঁচশ বছৰজোৰা বিতৰ্কৰ অৱসানৰ পাছত স্বমহিমাৰ অযোধ্যালৈ উভতি অহা ৰামক সেয়েহে এইবাৰ বিশেষভাৱে আদৰণি জনাবলৈ উত্তৰ প্ৰদেশ চৰকাৰে সিদ্ধান্ত লৈছিল । অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনৰ পাছত এইবাৰ এয়া হৈছে প্ৰথমটো দ্বীপান্বিতা । উল্লেখ্য যে কালিৰ দিনটোতে ১৪ বছৰৰ বনবাসৰ অন্তত ৰামে সীতা-লক্ষ্মণসহ অযোধ্যালৈ উভতি আহিছিল বুলি জন বিশ্বাস আছে ।

পুষ্পক বিমানত উঠি অযোধ্যালৈ উভতি অহা ৰামক আদৰণি জনাবলৈ প্ৰজাই অযোধ্যা নগৰক অসংখ্য চাকিৰে উজ্বলাই তুলিছিল । এই বিশেষ দিনতোক পালন কৰিবলৈকেই কালিৰ এই মহাআয়োজন কৰা হৈছে । কালিৰ আয়োজনত এখন হেলিকপ্তাৰত উঠি আহি সৰযূ নদীৰ পাৰত উপস্থিত হয় ৰাম-সীতা সাজি অহা অভিনেতাই । ঠিক ৰাম-সীতা-লক্ষ্মণ উভতি অহাৰ দৰেই অনুষ্ঠিত কৰা হৈছিল সকলো । অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যপাল আনন্দীবেন পাটেলো উপস্থিত থাকে । যোৱা চাৰি বছৰ ধৰি দীপ উৎসৱ পালন কৰি অহা হৈছে ।

অনুষ্ঠানত উপস্থিত থকাৰ লগতে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে সমগ্ৰ ৰাম মন্দিৰৰ চৌহদৰ পৰিক্ৰমাও কৰে । ৰাম মন্দিৰৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী যোগীয়ে কয়, ‘ৰাম ৰাজ্যৰ সপোনক বাস্তৱায়িত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । আমি ৰাম মন্দিৰৰ নিৰ্মাণ তথা ভূমি পূজনৰ সাক্ষী হ’ব পাৰিছো । সেয়েহে নিজকে আমি অত্যন্ত সৌভাগ্যবান বুলি ভাৱিছো ।

পাঁচশ বছৰ ধৰি ভাৰতবাসীয়ে । ৰাম মন্দিৰৰ সপোন দেখি আহিছে । এইসকলৰ ভিতৰত অধিক সংখ্যক আজি নাই; কিন্তু এই সপোনক সত্য প্ৰমাণিত কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰীয়ে । এই ক্ষেত্ৰত আমি প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছো । সকলো কৰ’না স্বাস্থ্য বিধি অনুসৰণ কৰি দীপ উৎসৱ পালন কৰা হৈছে । ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰতো সকলো বিধি-ব্যৱস্থা মানি চলা হ’ব ।’

অযোধ্যাত দ্বীপান্বিতাক লৈ জনগণৰ মাজত উৎসাহ প্ৰথমৰে পৰা অন্যান্য ধৰণৰ । কালিৰ অনুষ্ঠানত লোকশিল্পীৰ দ্বাৰা নৃত্য পৰিবেশন, ৰামলীলা প্ৰদৰ্শনৰ লগতে বিশেষভাৱে গোবৰৰে বনোৱা চাকীয়ে সমগ্ৰ বিশ্ববাসীৰে দৃষ্টি আকৰ্ষণ কৰে । দীপ উৎসৱত এইবাৰ কৰ’না পৰিস্থিতিৰ বাবে অৱশ্যে জনসমাগম অধিক হোৱাত প্ৰশাসনৰ পৰা বাধা আৰোপ কৰা হৈছিল । ইফালে অযোধ্যাৰ দীপ উৎসৱৰ এখন ছবিৰে ছ’চিয়েল মিডিয়া যোগে অভিনেতা অমিতাভ উচ্চনে দেশবাসীক দীপান্বিতাৰ শুভেচ্চা জনায় ।

Exit mobile version