আজি বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে নীতিশ কুমাৰৰ শপত গ্ৰহণ

ri9n10to nitish kumar pm

আজি চতুৰ্থবাৰ কাৰণে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব JDU ৰ অধ্যক্ষ নীতিশ কুমাৰে ।এক বিশেষ সূত্ৰৰ মত অনুসৰি বিজেপিৰ ওচৰত দুটা উপমুখ্যমন্ত্ৰীৰ পদ থাকিব ৷

ইয়াৰ লগতে বিধানসভাৰ অধ্যক্ষও হ’ব বিজেপিয়ে ।আনহাতে বিজেপিৰ তাৰকিশোৰ প্ৰসাদ হ’ব বিহাৰৰ উপ মুখ্যমন্ত্ৰী ৷আৰু সুশীল মোডীক কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত স্থান দিয়া হ’ব।

ইপিনে নীতিশ কুমাৰক NDA ৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ পাছত তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হ’ল ।বিহাৰৰ নতুন চৰকাৰৰ শপতগ্ৰহণ আজি বিয়লি চাৰে চাৰি বজাত অনুষ্ঠিত হ’ব ।নীতিশ কুমাৰ চতুৰ্থবাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে শপল ল’ব ৷

আনহাতে বিহাৰত সম্প্ৰতি বিজেপিৰ দুজন উপমুখ্যমন্ত্ৰী থাকিব ।লগতে বিধানসভাৰ অধ্যক্ষ হ’ব বিজেপিৰ। দেওবাৰে নিশা বিজেপি আৰু JDU নেতাসকলৰ মাজত এই সিদ্ধান্ত লোৱা হয়।

Exit mobile version