বিগত চাৰিমাহৰ পাছত হ্ৰাস পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা

WhatsApp Image 2020 11 16 at 10.57.42 AM

বিগত ২৪ ঘন্টাত ভাৰতত কৰ’নাত আক্ৰান্ত হৈছে ৩০,৫৪৮ জন লোক ।বিগত চাৰিমাহৰ পাছত কৰ’নাত আক্ৰান্ত সংখ্যা হ্ৰাস পোৱা দেখা গ’ল ।ইয়াৰ পূৰ্বে ১৫ জুলাইত এদিনত ২৯,৪২৯ জন লোক কৰ’নাত আক্ৰান্ত হৈছিল।

আনহাতে ১৬ নৱেম্বৰত কৰ’নাত নতুনকৈ আক্ৰান্ত হোৱাৰ পৰিসংখ্যাৰে ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮৮,৪৫,১২৭ জনলৈ বৃদ্ধি পালে ।ইপিনে বিগত ২৪ ঘন্টাত কৰ’নাত মৃত্যু হৈছে ৪৩৫ জন ।ইয়াৰ লগে লগে কৰ’নাত মৃত্যু হোৱাৰ সংখ্যা ১,৩০,০৭০ জনলৈ বৃদ্ধি পালে।

ইপিনে বিগত ২৪ ঘন্টাত কৰ’নাত সুস্থ হৈছে ৪৩,৮৫১জন ৷ দেশত কৰ’নাত সুস্থ হোৱাৰ হাৰ হৈছে ৯৩.২৬ শতাংশ। কৰ’নাত এই পৰ্যন্ত সুস্থ হৈছে ৮২,৪৯,৫৭৯ জন। সম্প্ৰতি কৰ’নাত চিকিৎসাধীন হৈ আছে ৪,৬৫,৪৭৮ জন ।

দেশত কৰ’নাত চিকিৎসাধীন হৈ থকা হাৰ হৈছে ৩.৫৪ শতাংশ ।বিগত ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰীক্ষা হৈছে ৮,৬১,৭০৬ টা ।আনহাতে দেশত কৰ’নাত এই পৰ্যন্ত কৰ’নাৰ মুঠ পৰীক্ষা হৈছে ১২,৫৬,৯৮,৫২৫ টা ৷

Exit mobile version