সুৰাসক্ত হৈ ৰেল লাইনৰ ওপৰৰে গাড়ী চলালে স্পেইনৰ মহিলাই

WhatsApp Image 2020 11 16 at 4.20.25 PM

সুৰাপান কৰি বহুতেই বহু নকৰিবলগীয়া কাম কৰে । কিন্তু স্পেইনৰ এগৰাকী মহিলাই সুৰাসক্ত হৈ যি কাম কৰিলে সেয়া পূৰ্বে হয়তো কোনেও ক’তো কৰা নাই । সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত বিশ্বত প্ৰতি মুহূৰ্ততে পথ দুৰ্ঘটনা হৈ আছে যদিও স্পেইনৰ মহিলাগৰাকীয়ে সুৰাসক্ত হৈ ৰেল লাইনৰ ওপৰৰেই এক মাইলৰো অধিক দূৰত্ব গাড়ী চলাই যায় । ঘটনাটো স্পেইনৰ মালাগা চহৰত সংঘটিত হয় ।

মহিলাগৰাকীয়ে ৰেল লাইনৰে গাড়ী চলোৱাৰ ফলত দুঘণ্টাৰো অধিক সময় ৰেল চলাচল বন্ধ হৈ পৰে । ৰেল পথত থকা চিচিটিভিত সমগ্ৰ ঘটনাটো বন্দী হৈ আছে । ইতিমধ্যে ছ’চিয়েল মিডিয়াত চিচিটিভি ফোটেজৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ফোটেজত মহিলাগৰাকীয়ে ৰেল পথেৰে লাইনেৰে গাড়ী চলাই যোৱা স্পষ্টভাৱে দেখিবলৈ পোৱা যায় । ঘটনাৰ দিনা মালাগা চহৰৰ মেট্ৰ’ ৰেলৰ বিষয়াসকলে হঠাতে ৰেল সেৱা বন্ধ কৰি দিব লগা হয় । ৰেল পথৰ এটা সুৰংগৰ মুখত এখন গাড়ী আৱদ্ধ হৈ থকাৰ খবৰ লাভ কৰাৰ পাছতে বিষয়াসকলে এই সিদ্ধান্ত ল’বলগীয়া হয় ।

মুহূৰ্ততে চহৰখনৰে অহা-যোৱা কৰা সকলো ৰেল বন্ধ কৰি দিয়াৰ পাছত আৰক্ষীক খবৰ দিয়া হয় । লগে লগে ঘটনাস্থলীলৈ গৈ গাড়ীখন উদ্ধাৰ কৰি ৰেল পথ মুকলি কৰা হয় । আৰক্ষীয়ে দেখিবলৈ পায় গাড়ীৰ চালকৰ আসনত আছে এগৰাকী মহিলা । আৰক্ষীয়ে মহিলাগৰাকীক ঘটনাস্থলীতে আটক কৰে । আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰে তৎকালে । তদন্তত মহিলাগৰাকী সুৰাসক্ত হৈ থকা প্ৰমাণিত হয় ।

মহিলাগৰাকীৰ শৰীৰত প্ৰয়োজনতকৈ ‘এলকহ’লৰ’ পৰিমাণ তিনিগুতকৈও অধিক থকাটো প্ৰমাণিত হয় চিকিৎসকৰ পৰীক্ষাত । সুৰাসক্ত হোৱাৰ ফলতে যে মহিলাগৰাকীয়ে ৰেল পথেৰে গাড়ী চলাবলৈ চেষ্টা কৰিছিল সেয়া কথাও তদন্তত নিশ্চিত হয় । গাড়ীখন ৰেল পথত কিছুদূৰ আগবাঢ়িছিল যদিও এটা এটাকৈ তিনিটা চকা ‘পাংচাৰ’ হোৱাত এটা সময়ত নিজে নিজেই ৰৈ যায় ।

ৰেল পথৰ পৰা গাড়ীখন আঁতৰাই নিয়াৰ পাছত ৰেল পথছোৱা ভালদৰে পৰীক্ষা কৰা হয় । পৰীক্ষাত কোনো বিসংগতি লাভ নকৰাত পুনৰ ৰেলৰ চলাচল আৰম্ভ কৰি দিয়া হয় । মহিলাগৰাকীয়ে কৰা অবিবেচক কাৰ্যৰ বাবে তীব্ৰভাৱে সমালোচিত হ’বলগীয়া হৈছে ।

Exit mobile version