ৰাময়ণ-মহাভাৰতৰ কাহিনী শুনি পাৰ হৈছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামৰ শৈশৱ

WhatsApp Image 2020 11 17 at 4.29.54 PM

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ মনত ভাৰতৰ প্ৰতি আছে এক বিশেষ স্থান। কিয়নো বাৰাক অ’বামাই তেওঁৰ গ্ৰন্থ A Promised Landত প্ৰকাশ কৰিছে যে তেওঁ শৈশৱত ইণ্ডোনেছিয়াত থাকোতে ভাৰতৰ ঐতিহাসিক কাহিনী ৰামায়ণ আৰু মহাভাৰতৰ মহাকাব্য শুনিয়েই দিন কটাইছিল।

কিতাপখনত অ’বামাই লিখিছে, ‘হয়তো ভাৰতৰ আকাৰ আছিল বিশাল, য’ত বিশ্বৰ জনসংখ্যাৰ ষষ্ঠ অংশ আছে। ২০০০ৰো অধিক বিভিন্ন জাতি-জনগোষ্ঠী আছে আৰু ৭০০ৰো অধিক ভাষা কোৱা হয়’। লগতে অ’বামাই কয় ” ২০১০ চনত ৰাষ্ট্ৰপতি হিচাপে ভ্ৰমণৰ পূৰ্বে মই কেতিয়াও ভাৰত ভ্ৰমণ কৰা নাছিলো, কিন্তু মোৰ কল্পনাত এই দেশখনে সদায়ে এক বিশেষ স্থান অধিকাৰ কৰি আছিল।”

বাৰাক অ’বামাই কয়, ‘হয়তো মই শৈশৱত ইণ্ডোনেছিয়াত ৰামায়ণ আৰু মহাভাৰতৰ হিন্দু কাহিনী শুনি বা পুৰণি ধৰ্মৰ প্ৰতি মোৰ আগ্ৰহ গঢ়ি উঠিছিল, পাকিস্তানী আৰু ভাৰতীয় বন্ধুৰ এটা গোটৰ বাবে ৷তেওঁলোকে মোক বলীউডৰ ছবিও দেখাইছিল।”

উল্লেখ্য যে ‘এ প্ৰমিছড লেণ্ড’ গ্ৰন্থখনত অ’বামাই ২০০৮ চনৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পৰা তেওঁৰ প্ৰথম কাৰ্যকালৰ অন্তলৈকে, পাকিস্তানৰ এবটাবাদত অল-কায়েদাৰ প্ৰধান ওচামা বিন লাডেনৰ হত্যাৰ কথাও উল্লেখ কৰিছে।আনহাতে
এ প্ৰমিছড লেণ্ড’ কিতাপখনৰ দুটা ভাগ আছে, যাৰ প্ৰথম অংশটো আজিৰ পৰা (১৭ নৱেম্বৰ) বিশ্বৰ কিতাপৰ দোকানত উপলব্ধ হ’ব। আৰু দ্বিতীয় ভাগটো অচিৰেই দোকানত উপলব্ধ হ’ব ৷

Exit mobile version