অভিনেত্ৰী তাপসী পন্নুৰ মনৰ কথা । কি কলে তেওঁ ?

taapsee pannu in taapsee pannu interview with rajeev masand rajeev masand 2019

চিনেমা জগতত ভৰি থৈয়েই বহু সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী তাপসী পন্নুৱে । শেহতীয়া এক সাক্ষাৎকাৰত মুখ খুলিলে অভিনেত্ৰীগৰাকীয়ে । তেওঁ কয় যে এখন চিনেমাত তেওঁৰ পৰিৱৰ্তে আন এগৰাকী অভিনেত্ৰীক স্থান দিয়া হৈছিল কিয়নো অভিনেতাজনৰ পত্নীয়ে বিচৰা নাছিল স্বামীয়ে অভিনেত্ৰী পন্নুৰ স’তে কাম কৰাটো । বহুতে তেওঁৰ সৌন্দৰ্য্যক লৈও মন্তব্য কৰিছিল ।

অভিনেত্ৰী পন্নুৱে কয়, ‘যেতিয়া মই ডাবিঙত ব্যস্ত আছিলো তেতিয়া চিনেমাখনত নায়কৰ অভিনয় কৰা অভিনেতাজনে মোৰ বাণী ভাল নাই লগা বুলি মত প্ৰকাশ কৰে; সেয়েহে মোক নজনোৱাকৈ আন এগৰাকী ডাবিং শিল্পীক মোৰ সংলাপ ক’বলৈ দিয়া হয় ।’

উল্লেখ্য পিংক, মুল্ক, থপ্পৰ আদিৰ দৰে কে’বাখনো ব্ল’কবাষ্টাৰ চিনেমাত খ্যাতি অৰ্জন কৰিছে পন্নুৱে অভিনয়েৰে । পন্নুৱে কয়, ‘এবাৰ এখন চিনেমাত মোৰ প্ৰাপ্য কৰ্তন কৰিবলৈ দিয়া হৈছিল কাৰণ চিনেমাখনত নায়কৰ অভিনয় কৰা অভিনেতাজনৰ আগৰ চিনেমাখন ফ্ল’প হৈছিল । সেয়েহে মই সিদ্ধান্ত লৈছো মই কেৱল তেনে চিনেমাহে কৰিম যিবোৰক লৈ মই সুখী হ’ম ।’

Exit mobile version