বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে আজি বাক্সাৰ শালবাৰী সমষ্টিৰ বুনমাজা ভিচিডিচিৰ অন্তৰ্গত মৈৰাজাৰ চ’কত ইউপিপিএল দলৰ কাৰ্যালয় মুকলিৰে দলটোৰ নেতা-কৰ্মী-সমৰ্থকে একপ্ৰকাৰৰ নিৰ্বাচনী ৰণশিঙা বজায় । আজি দুপৰীয়াৰ ভাগত ইউপিপিএলৰ বুনমাজা প্ৰাথমিক সমিতিৰ উদ্যোগত মৈৰাজাৰ চ’কত দলীয় কাৰ্যালয়টোৰ দ্বাৰ উদঘাটন কৰে শালবাৰী সমষ্টিৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে ।
কাৰ্যালয়ৰ দ্বাৰ উদঘাটনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত ভাষণ দি প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে শালবাৰী সমষ্টিৰ সকলো জাতি-জনগোষ্ঠীৰ ৰাইজৰ পৰা পোৱা সঁহাৰিয়ে তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে। ইউপিপিএলৰ শালবাৰী ব্লক সমিতিৰ সভাপতি চক্ৰধৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ইউপিপিএলৰ কেন্দ্ৰীয় নেতা-নেত্ৰী ক্ৰমে হানিফ আলী আহমেদ, বিউটি বসুমতাৰী, যোগেশ্বৰ বসুমতাৰী, জহুৰা খাতুন, আক্কাছ আলী, সত্যজিৎ বড়ো আদি উপস্থিত থাকে ৷
আনহাতে, কে’বাশতাধিক ৰাইজৰ উপস্থিতিত দলীয় কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত ইউপিপিএলৰ লগতে দলৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীৰ সপক্ষে বিভিন্ন শ্লোগান, প্লে’ কাৰ্ড, বেনাৰ, দলীয় পতাকা প্ৰদৰ্শনেৰে অঞ্চলটোত নিৰ্বাচনী ৰণডংকা বজায় । ইফালে, বৰটাৰী গাঁৱত বহুসংখ্যক পুৰুষ-মহিলাৰ স’তে প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে মত-বিনিময় কৰাৰ অন্তত পুৰুষ-মহিলাই প্ৰাৰ্থীগৰাকীক পূৰ্ণ সমৰ্থন জনোৱা বুলি ৰাজহুৱাকৈ ঘোষণা কৰে।