৭৭ শতাংশ নম্বৰেৰে স্নাতক হ’ল মহাৰাষ্ট্রৰ কেবিনেট মন্ত্রী

Eknath Shinde Matoshree f

অৱশেষত স্নাতক উপাধি লাভ কৰিবলৈ সক্ষম হ’ল মহাৰাষ্ট্ৰৰ নগৰ উন্নয়ন মন্ত্রী একনাথ শিণ্ডেই। কলা শাখাত স্নাতক পৰীক্ষাত অৱতীৰ্ণ হৈ মন্ত্রী শিণ্ডেই ৭৭.২৫ শতাংশ নম্বৰ লাভ কৰি উত্তীর্ণ হয়। শিণ্ডেৰ পুত্র তথা মহাৰাষ্ট্রৰ কল্যাণ সমষ্টিৰ পৰা লােকসভালৈ নির্বাচিত হােৱা সাংসদ শ্রীকান্ত শিণ্ডেই এক টুইট যােগে পিতৃ স্নাতক হােৱাৰ বার্তা সদৰী কৰে।

সাংসদ পুত্রই জনােৱা অনুসৰি মহাৰাষ্ট্রৰ থানে জিলাৰ বাসিন্দা তথা শিৱসেনাৰ নেতা একনাথ শিণ্ডেই যুৱ বয়সত পৰিয়ালক সহায় কৰিবলৈ গৈ অধ্যয়ন ত্যাগ কৰিবলগীয়া হৈছিল। মন্ত্রীজনে যশােৱন্ত ৰাও চৱন মহাৰাষ্ট্র মুক্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উপাধি লাভ কৰে। মন্ত্রী শিণ্ডেৰ বর্তমান ৫৬ বছৰ বয়স।

Exit mobile version